১জানুৱাৰীৰ পৰা আপুনি দেখি থকাতকৈ বেলেগ দেখিব গুৱাহাটীক...

 12/28/2023 - 22:59

ডিজিটেল ডেস্কঃ নতুন বছৰৰ পৰা নতুন ৰূপত দেখিব গুৱাহাটীখনক। ১ জানুৱাৰীৰ পৰা যিফালেই আপোনাৰ চকু যাব সেইফালেই দেখিব কেৱল সেউজীয়া। নৱবৰ্ষ প্ৰথম দিনটোতে গুৱাহাটীত চলিব সেউজীয়া বাছ। প্ৰায় ২০০খন সেউজীয়া বাছ চলিব গুৱাহাটীত।

প্ৰাপ্ত খবৰ অনুসৰি,  ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সেউজীয়া বাছ। পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বৰ্তমান চলি থকা ডিজেল বাছসমূহ। বৰ্তমান সময়ত গুৱাহাটী হোৱা বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখিয়েই ইলেকট্ৰিক বাছৰ প্ৰৱৰ্তন কৰা হ’ব।

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব এইসমূহ বাছ। টাটা আৰু অলেক্ট্ৰাই নিৰ্মাণ কৰিছে এইসমূহ বাছ। সদ্যহতে ১০০খন বাছ চলাচলৰ বাবে সাজু কৰা গুৱাহাটীত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।