নৱবৰ্ষলৈ অপেক্ষা কৰকঃ ১০টকাকৈ কমিব প্ৰতিলিটাৰ পেট্ৰল-ডিজেলৰ দাম!

 12/28/2023 - 23:32
ডিজিটেল ডেস্কঃ নতুন বছৰত মোডী চৰকাৰে আপোনাক দিব পাৰে অতিকৈ এটা ভাল খবৰ। প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেলত ৮-১০টকাকৈ মূল্য হ্ৰাস কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। নৱবৰ্ষৰ প্ৰাৰম্ভণিতে দেশবাসীক এই বৃহত উপহাৰ প্ৰদান কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰসংগত তেল কোম্পানীসমূহৰ সৈতে পৰ্যায়ক্ৰমে কেইবাখনো আলোচনাত বহাৰ কথা এক সূত্ৰই সদৰি কৰিছে।
 
প্ৰাপ্ত তথ্য অনুসৰি পেট্ৰলত ৮-১০টকা আৰু ডিজেলত ৬-১০টকা পৰ্যন্ত দাম কমাব পাৰে কেন্দ্ৰীয় চৰকাৰে। আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে আৰু এই পৰিস্থিতিৰে সুযোগ লৈ দেশবাসীক নতুন উপহাৰ দিব পাৰে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে এতিয়া চূড়ান্ত আলোচনা হোৱা নাই। উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ৰ ৬এপ্ৰিলৰ পৰা পেট্ৰল-ডিজেলৰ দাম স্থিৰাৱস্থাতে আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।