হিমন্ত বিশ্ব শৰ্মাক টকাৰে কিনিব পাৰি...

 01/18/2024 - 19:50

ডিজিটেল ডেস্কঃ উজনি অসমত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বাক্যবাণেৰে থকা-সৰকা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে যোৰহাটত জনতাক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, 'হিমন্ত বিশ্ব শৰ্মাক টকাৰে কিনিব পাৰি। তেও নিজেই টকাত বিক্ৰী হয় বাবেই সকলোকে টকাৰে কিনিব পাৰি বুলি ভাৱে। কিন্তু অসমৰ সচেতন জনতাই ইয়াৰ প্ৰত্যুত্তৰ দিব। ' 

ৰাহুল গান্ধীয়ে লগতে হিমন্ত বিশ্ব শৰ্মাক হিন্দুস্তানৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি কয়- 'ভাৰতবৰ্ষৰ সৰ্বকালৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম সদায়ে জ্বিলিকি থাকিব।  তেখেত নিজেও দুৰ্নীতিপৰায়ণ লগতে পত্নী আৰু সন্তানো দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুটুৰি। বিজেপি চৰকাৰৰ দিনত এনে দুৰ্নীতিপৰায়ণ লোককে অধিক গুৰুত্ব প্ৰদান কৰা হয়।'

উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা শেহতীয়াকৈ অসমত প্ৰৱেশ কৰিছে। অসমত ৮দিন এই যাত্ৰা অব্যাহত থকাৰ পাছতে পশ্চিম বংগত প্ৰৱেশ কৰিব এই যাত্ৰাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।