যোৰহাটত জেং লাগিল! ৰাহুল গান্ধীৰ বিপদ নামিল...

 01/18/2024 - 20:50

ডিজিটেল ডেস্কঃ উজনিত ৰাইজৰ অভূতপূৰ্ব সহাৰি লাভ কৰিছে যদিও ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অন্য এটা বিপদ লম্ভিছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে যোৰহাটত ৰুজু হৈছে গোচৰ। ৰেলীৰ সময়ত চহৰখনত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগেৰে ৰেলীৰ দায়িত্বত থকা কংগ্ৰেছ নেতা কে বি বিজুৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । পথ নিৰ্দেশনা অমান্য কৰা আৰু হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অপৰাধত গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে।

লক্ষ্যণীয়ভাৱে ৰাহুল গান্ধীৰ এই যাত্ৰাৰ সময়ত নীতি-নিয়ম অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা বাৰে বাৰে কৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এনে ধাৰাবাহিক সকিয়নীৰ পাছতে ততপৰ হৈছিল যোৰহাট প্ৰশাসন। প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ধাৰাত ইতিমধ্যে ৰুজু কৰা গোচৰটোক লৈ কংগ্ৰেছৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছে এই কাৰ্যক ধিক্কাৰ জনাই এয়া বিজেপি চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ পোহৰলৈ আহিছে বুলি কোৱাৰ লগতে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনত বিজেপি কম্পমান বুলি কটাক্ষ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাটৰ পাছতে কাইলৈ পুৱা ৭বজাতে মাজুলী অভিমুখে যাত্ৰা কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।