ডিজিটেল ডেস্ক: অনন্তনাগৰ বাঘোমাত নিৰপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত হৈছে দুটাকৈ সন্ত্ৰাসবাদী। জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে পলুৱামাৰ কাণ্ডৰ এজন ষড়যন্ত্ৰকাৰী জঈছ-ই-মহম্মদৰ কামাণ্ডাৰ ছজ্জাদ ভাটৰ লগতে আন এজন সন্ত্ৰাসবাদী। এই সংঘৰ্ষত ছহিদ হয় এজন সেনা জোৱানো। অনন্তনাগৰ বিজবেহৰাৰ বাসিন্দা ছজ্জাদ ভাট শ্ব'পিয়ানৰ ছিৰাজ উল উলুম মাদ্ৰাছাৰ ছাত্র আছিল। ১৭ বছৰ বয়সতে ছজ্জাদে জঈচ-ই-মহম্মদত যোগদান কৰিছিল। ১৪ ফেব্ৰুৱাৰীত পলুৱামা আক্ৰমণত ব্যৱহাৰ হৈছিল নিহত ছজ্জাদৰ বাহন।
সন্ত্ৰাসবাদীয়ে ছজ্জাদৰ বাহনৰ জৰিয়তে চি আৰ পি এফৰ কনভয়ত বিস্ফোৰণ সংঘটিত কৰিছিল। জম্মু-কাশ্মীৰৰ আৰক্ষীৰ সহায়ত ছজ্জাদৰ ঘৰত ২৩ ফেব্ৰুৱাৰীত তালাচী চলোৱা হৈছিল যদিও ছজ্জাদক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল আৰক্ষী। নিয়াৰ এজন বিষয়াই জনোৱা মতে পলুৱামা আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হোৱা মাৰুতী ইক' বাহনখনৰ ফৰেনছিক পৰীক্ষা আৰু অটোম'বাইল বিশেষজ্ঞৰ সহায়ত চেছিছ নম্বৰ আৰু ইঞ্জিন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সেই নম্বৰ ট্ৰেক কৰাত ছজ্জাদ ভাটৰ নাম পোহৰলৈ আহিছিল। নিৰাপত্তা সংস্থাই ছজ্জাদৰ সন্ধানত অভিযান চলাই আহিছিল।
নিৰাপত্তাৰক্ষীয়ে দাবী কৰা মতে ছজ্জাদ ভাট আছিল পুলৱামা আক্ৰমণত জড়িত অন্তিমটো সন্ত্ৰাসবাদী।