একেলগে বুঢ়া-বুঢ়ী হম আমিঃ পত্নী ছুৰাক এনেকৈ শুভেচ্ছা দিলে আৰবাজে...

 01/18/2024 - 23:15

ডিজিটেল ডেস্কঃ  কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা আৰবাজ খানে দ্বিতীয় পত্নীৰ জন্মদিনত এক আৱেগিক বাৰ্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখা গল। পত্নী ছুৰা খানক ওপজাদিনৰ শুভেচ্ছা দি আৰবাজে লিখিলে এনেদৰে- প্ৰথমদিনা তোমাক লগ পাওতে মই ভৱাই নাছিলো যে তোমাৰ সৈতে মই ওৰে জীৱন পাৰ কৰিম। তোমাৰ সৌন্দৰ্য আৰু বিনম্ৰতাই মোক সদায়েই আকৰ্ষিত কৰি আহিছে। মই সদায়েই এটা কথা উপলদ্ধি কৰো যে, তোমাক মই যেতিয়া 'কবুল হ্য' বুলি কৈছিলো, সেই শব্দটো মোৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ শব্দ। আই লাভ ইউ।''

সামাজিক মাধ্যমত এই পোষ্টটো শ্বেয়াৰ কৰাৰ পাছতে বিভিন্ন জনে ছুৰা খানক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ছুৰা খানেও আৰবাজৰ এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ৫৬বছৰীয়া আৰবাজে তেওঁতকৈ ১৫বছৰ কম বয়সৰ ছুৰা খানক  ২০২৩ৰ ২৪ডিচেম্বৰত বিয়া কৰিছিল। পেছাত এগৰাকী মেকআপ আৰ্টিষ্ট ছুৰা খান ৰবীনা টেণ্ডনৰ সৈতে কাম কৰি আছে। 

 

 

 

 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।