ৰাণা গোস্বামীলৈ বিজেপিৰ অফাৰঃ তিতাবৰ সমষ্টিত দিয়া হ'ব টিকট!

 02/26/2024 - 00:39

ডিজিটেল ডেস্কঃ দল এৰিব বুলি জল্পনা-কল্পনাৰ মাজতে কংগ্ৰেছৰ উজনি অসমৰ প্ৰভাৱশালী নেতা ৰাণা গোস্বামীয়ে পদত্যাগ কৰাৰ ঘোষণা কৰিছে৷ উজনি অসম কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাংগঠনিক মুৰব্বীৰ দায়িত্ব ত্যাগ কৰাৰ ঘোষণা কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাক পদত্যাগ পত্ৰ প্ৰদান কৰিছে৷ কিন্তু গোস্বামীয়ে ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদ এৰা নাই৷ ৰাণা গোস্বামীৰ অধীনত আছিল ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি আদি জিলাৰ দায়িত্ব লৈ আছিল৷

এই জিলা কেইখনৰ সাংগঠনিক দায়িত্ব আছিল ৰাণা গোস্বামীৰ হাতত৷ কিন্তু বিজেপি গমন কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে ৰাণা গোস্বামীয়ে উজনি অসম কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাংগঠনিক মুৰব্বীৰ পদ ত্যাগ কৰে৷ চৰ্চা মতে, গোস্বামীয়ে শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব৷ বিজেপিয়ে ৰাণা গোস্বামীক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত যোৰহাটৰ তিতাবৰ সমষ্টিত টিকট দিব বুলি আশ্বাস দিয়া বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাজনৈতিক কাৰণত ধেমাজি, উত্তৰ-লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাকে ধৰি উজনি অসমৰ সাংগঠনিক ভাৰপ্ৰাপ্ত দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে৷

২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৰাণা গোস্বামীৰ টকলাইস্থিত গৃহত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত দলৰ ভিতৰত গুৰুত্ব নোপোৱাৰ কথা প্ৰকাশ কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে গোস্বামীয়ে। ২০০৬ আৰু ২০১১ চনত যোৰহাট সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নিযুক্ত দিয়া হয়। শেহতীয়াকৈ কংগ্ৰেছৰ কেইবাজনো নেতাই শাসকীয় বিজেপিত যোগদান কৰিছে৷ তেনে সময়তে ৰাণা গোস্বামীয়েও বিজেপিত যোগদান কৰিব বুলি চৰ্চা হ’ব ধৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।