কোটিপতি হোৱাটো খাটাং! যদিহে আপুনি ৰাতি দেখে এই ৩টা সপোন...

 02/27/2024 - 00:43
কোটিপতি হোৱাটো খাটাং
ডিজিটেল ডেস্কঃ আমাৰ সমাজত লোকবিশ্বাস আছে যে, কিছুমান সপোন দেখিলে মানুহ বাস্তৱত লাভৱান হয়। বহুতে ইয়াক অন্ধবিশ্বাস বুলি কলেও বহুতে এই কথাবোৰৰ প্ৰমাণো পায়। পৌৰাণিক বহু শাস্ত্ৰতো এনে কিছুমান কথা উল্লেখ আছে। আজি জানো আহক কোনবোৰ ৰাতি সপোনত দেখিলে মানুহ বাস্তৱত লাভৱান হয়- 
 
  • স্বপ্ন শাস্ত্ৰ অনুসৰি যদিহে সপোনত নিজৰ মা দেউতাক দেখা যায় তাক শুভ মান্যতা দিয়া হয় । সপোনত যদি মা দেউতা উভয়ে বা কোনো এজনে নিজৰ সন্তানক জল পান কৰোৱা দেখা পাই সেয়া অত্যন্ত মঙ্গলজনক আৰু সেই ব্যক্তি আগন্তুক খুব কম দিনৰ ভিতৰতে প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হৈ পৰাৰ সম্ভাৱনা প্রকট।
  • যদি কোনোৱে ওখ পাহাৰৰ নিজৰাৰ পৰা পানী পান কৰা সপোন দেখে সেয়া অত্যন্ত মংগলজনক। আনকি ওখ পাহাৰ পৰ্বতৰ নিজৰা বৈ থকা সপোন দেখা ঈশ্বৰৰ বৰদান ৰূপে মান্যতা দিয়া হয় । স্বপ্ন শাস্ত্ৰ অনুসৰি এনে সপোন এক কোটি লোকৰ ভিতৰত এজন লোকৰ দেখাৰ সৌভাগ্য হয়। তেনে লোকৰ অতি সোনকালে সুন্দৰ জীৱন যাপন কৰাৰ, সুখী হোৱাৰ যোগ আহি পৰে। আৰু এনে সপোন দেখিলে আনৰ সৈতে ভাগৱতৰা কৰা অনুচিত।
  • সপোনত ভগৱান বা ঈশ্বৰৰ প্ৰতিমূৰ্তি দেখা সৌভাগ্যৰ কথা ৷ এই সপোনৰ অৰ্থ বহুত থাকিব পাৰে। শাস্ত্ৰ অনুসৰি এজন সাত্বিক আৰু পবিত্র লোকে সপোনত ভগৱানক দেখিবলৈ পাই। সপোনত ভগৱান দর্শন মানে ব্যক্তি বিশেষৰ দেহত ইতিবাচক শক্তিৰ জাগ্ৰত হোৱা ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।