মদ-মোবাইল এৰি আমি কেতিয়া হাতত তুলি লম কিতাপ?

 02/28/2024 - 20:51
 
✒️তফিকউদ্দিন আহমেদ 
 
বন্ধ হ’ব মহাবিদ্যালয় আৰু পুথিভঁৰাল, বৃদ্ধি হ’ব মদৰ দোকান, এয়া আমাৰ বাবে সহ্য কৰিব নোৱাৰা কথা ৷ লাহেলাহে কমিছে গ্ৰন্থৰ আদৰ, বাঢ়িছে মবাইল আৰু সুৰাৰ আদৰ ৷ পঢ়াৰ আগ্ৰহ যেন কাৰোৱেই নাই , বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকে কাৰো আগ্ৰহ নাই গ্ৰন্থৰ প্ৰতি ৷ গ্ৰন্থৰ প্ৰতি এই ভাবুকি আজিৰ নহয়, এয়া যথেষ্ট পুৰণি ৷ বিভিন্ন সময়ত  গ্ৰন্থৰ প্ৰতি ভাবুকি আহিছে আৰু তাৰপাছতে আৰম্ভ হৈছে গ্ৰন্থ বিপ্লৱ ৷
 
গ্ৰন্থৰ প্ৰতি ছাত্ৰ-ছাত্ৰী, মানুহক আকৰ্ষিত কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে পঢ়ুৱৈ সমাজৰ মাজত গ্ৰন্থ অধ্যয়নৰ আগ্ৰহ বৃদ্ধি হয় ৷ গ্ৰন্থ অধ্যয়নৰ  বাবে আমেৰিকাত আৰম্ভ হৈছিল এক গ্ৰন্থ বিপ্লৱৰ ৷ বিখ্যাত দাৰ্শনিক চিকাগো ইউনিভাৰ্চিটিৰ অধ্যক্ষ Robert Maynard Hutchinsয়ে লক্ষ্য কৰিছিল যে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ পঢ়া সাং কৰি ওলাই যায় ৷ পাছলৈ এইসকল ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থ অধ্যায়নৰ  প্ৰতি ধাউতি নোহোৱা হৈ যায়৷ Robert Maynard Hutchinsয়ে ছাত্ৰ-ছাত্ৰীক কিদৰে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীয়ে বাহিৰা মহৎ গ্ৰন্থ অধ্যয়ন কৰাটো বাধ্যতামূলক কৰিলে ৷
 
এনেকৈয়ে প্ৰায় ৪৪৩খন বিখ্যাত মহৎ গ্ৰন্থ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰি দিয়া হৈছিল ৷ Robert Maynard Hutchins য়ে আৰম্ভ কৰা এই গ্ৰন্থ বিপ্লৱক নতুন মাত্ৰা দিবলৈ সংগ দিলে দাৰ্শনিক, শিক্ষাবিদ Mortimer Adler.  আমেৰিকাৰ চিকাগো ইউনিভাৰ্চিটিৰ  ছাত্ৰ-ছাত্ৰীৰ বাবে Mortimer Adlerয়ে লিখি উলিয়ালে How to Read a Book. এনেদৰে Robert Maynard Hutchins আৰু Mortimer Adlerএ আৰম্ভ কৰিলে এক গ্ৰন্থ বিপ্লৱৰ ৷ ১৯৪৩চনত আৰম্ভ হোৱা এই গ্ৰন্থ বিপ্লৱক “Great Book Movement নামেৰে জনা যায় ৷ পৃথিৱীৰ উন্নত দেশ বোৰৰ ইতিহাস চালে জানিব পাৰি যে আজি তেওঁলোক ধনী, সভ্য,সুসংস্কৃতিৱান হোৱাৰ আঁৰত আছে গ্ৰন্থ ৷ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পৃথিৱীৰ কেইবাখনো দেশ আগুৱাই গ’লেও, আমাৰ বাবে ভাল খবৰ এয়াই যে পৃথিৱীৰ ভিতৰতে গ্ৰন্থ অধ্যয়ন কৰা মানুহৰ সংখ্যা ভাৰততে সৰ্বাধিক ৷
 
ভাৰতত গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰচলনৰ এক দীঘলীয়া ইতিহাস আছে৷ ভাৰতত ১৫৫০ত পৰ্টুগীজসকলে  গোৱাত প্ৰথমে ছপাশাল পাতিছিল আৰু পৰ্টুগীজ মিছনেৰীসকলে ১৫৫৭ত প্ৰথমখন গ্ৰন্থ ছপা কৰি উলিয়াইছিল ৷ এনেকৈ ভাৰতত আৰম্ভ হৈছিল গ্ৰন্থ প্ৰকাশৰ সূচনা ৷ যদি আমি ভাৰতবৰ্ষত গ্ৰন্থমেলাৰ আনুষ্ঠানিকতা বিচাৰি যাওঁ তেনেহ’লে ১৯১৮চনত বেনাৰসৰ মতিলাল বেনাৰসীদাস  আৰু কলকাতাৰ বসুমতীয়ে আয়োজন কৰা গ্ৰন্থমেলাখনেই হ’ব ভাৰতবৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা ৷ অসমত গ্ৰন্থমেলা আৰম্ভ হোৱা বহুত বেছি বছৰ হোৱা নাই৷ ১৯৮৪চনত  পাব্লিকেশ্বন বোৰ্ডে অসমত গ্ৰন্থমেলাৰ আন্দোলন আৰম্ভ কৰিছিল ৷
 
বৰ্তমান ডিজিটেল যুগ আৰু ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ বাবে গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে যদিও গ্ৰন্থৰ আদৰ কমা নাই, সেয়া আমি বিভিন্ন গ্ৰন্থমেলাৰ গ্ৰন্থ বিক্ৰীৰ সংখ্যাৰ পৰাই অনুমান কৰিব পাৰো ৷ অৱশ্যে সময়ৰ লগত খোজ মিলাই গ্ৰন্থ, আলোচনীৰ ডিজিটেলেশ্যনৰ ব্যৱস্থা কৰিব লাগিব, নতুন চামক সাহিত্যৰ প্ৰতি ধাউতি সৃষ্টি কৰিব লাগিব৷ সাহিত্য আৰু ভাষা জীয়াই ৰাখিবলৈ  গ্ৰন্থ বিপ্লৱ অব্যাহত ৰাখিবই লাগিব ৷ পৃথিৱীত গ্ৰন্থ আৰু সাহিত্য অবিহনে কোনো এটা জাতি জীয়াই থকাৰ উদাহৰণ নাই ৷ বৰ্তমান আমাৰ ভাষাটোও সংকটত ৷  চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ঘৰখনলৈকে ভাতৃ ভাষাত লেখা পঢ়াটো দুৰূহ হৈ পৰিছে  ৷
 
এই দুৰ্দিনৰ সময়তো আমি আশা পালি আছো যে অসমীয়া ভাষাটো জীয়াই থাকিব ৷ যদি আমি চাওঁ পৃথিৱীৰ ৫০টা মূল কথিত ভাষাৰ এটা ভাষা হ’ল অসমীয়া ৷ অসমীয়া ভাষাৰ উত্থান-পতন থাকিব, ভাষাৰ শত্ৰুৰ কাৰচাজি প্ৰতিহত কৰি গৌৰৱেৰে সদায় জিলিকি থাকিব আমাৰ অসমীয়া ভাষা৷  জাতিৰ এই জটিল সন্ধিক্ষণত ভাষাটোৰ বাবে গ্ৰন্থৰ বাবে আমি ওলাই অহাটো সময়ৰ আহ্বান ৷ আমি পাহৰি যোৱা উচিত নহ’ব যে আমাৰ এই ভাষাটোৰ বাবে এটা সময়ত ৰঞ্জিত বৰপূজাৰী আৰু মোজাম্মিল হ’কে প্ৰাণ আহুতি দিছিল ৷ 
 
দৰাচলতে গ্ৰন্থ অধ্যয়নে লোক কল্যাণৰ হৈ যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ধাৰাবাহিক অধ্যয়নে সমাজ মংগলৰ আটাইতকৈ ডাঙৰ কামটোকে সাধিত কৰে, যিটো আন কোনো উপায়েৰে সাধন কৰা সম্ভৱ নহয় ৷ পৰস্পৰ বিৰোধিতাৰ আজিৰ এই উদ্ভত যুগত একমাত্ৰ সাহিত্যইহে হৃদয়ত সহৃদয়তাৰ বন্যা বোৱাব পাৰে ৷ সাহিত্যই হৃদয়ত পবিত্ৰতাৰ পলস সিঁচি সাত্ত্বিকতাৰে জীৱন ধন্য কৰাৰ কঠীয়া গজাই ৷ সেয়ে বিজ্ঞজনে কয় "মৰুময় পৃথিৱীত সংগীত যদি সৰোবৰ হয় তেন্তে সাহিত্য আঘাত সৰ্বস্ব জীৱনত বেদনা নাশক মলম" ৷
 
সাৰস্বত সমাজে আমাক এখন সাত্ত্বিক সমাজ দিব, আমি তেওঁলোকক এটা বিশুদ্ধ বাতাবৰণ দিব লাগিব ৷ যি বাতাবৰণ কেৱল মাত্ৰ গ্ৰন্থ আৰু সাহিত্যইহে সৃষ্টি কৰিবলৈ সমৰ্থ ৷ গ্ৰন্থই আনিব প্ৰগতি, গ্ৰন্থৰ এই মহঙা দিনত চিকাগো ইউনিভাৰ্চিটিৰ  Robert Maynard Hutchins আৰু Mortimer Adlerৰ দৰে Great Book Movement ৰ দৰে এটি আন্দোলন প্ৰয়োজন হ’ব ৷  মদৰ দোকানৰ বিপৰীতে গ্ৰন্থই আকৌ প্ৰাধান্য পাব...
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।