কট্টৰ হিন্দুত্ববাদী নেত্ৰী প্ৰজ্ঞা ঠাকুৰক কিয় টিকট নিদিলে বিজেপিয়ে...

 03/05/2024 - 11:44

ডিজিটেল ডেস্কঃ কট্টৰ হিন্দুত্ববাদী নেত্ৰী তথা মধ্য প্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰিছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। মধ্য প্ৰদেশৰ মুঠ ২৯ খন আসনৰ ভিতৰত ২৪ খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিছে। ভূপাল সমষ্টিত বৰ্তমানৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ ঠাইত বিজেপিয়ে ভূপালৰ প্ৰাক্তন মেয়ৰ আলোক শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ বিজেপি দলে টিকট বঞ্চিত কৰাৰ পাছতে প্ৰজ্ঞা সিং ঠাকুৰে গডছে সম্পৰ্কে দিয়া বিতৰ্কিত মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে হৃদয়ৰ পৰা ক্ষমা কৰিব নোৱাৰিম বুলি কোৱা কথাষাৰৰ চৰ্চা হ’ব ধৰিছে৷

সেইকাৰণে প্ৰজ্ঞা সিং ঠাকুৰক টিকট দিয়া নাই বুলি চৰ্চা হোৱাত প্ৰজ্ঞা ঠাকুৰে কয় যে মই কেতিয়াও বিতৰ্কিত মন্তব্য দিয়া নাছিলো। যি কৈছিলো সঁচা কথাটো কৈছিল। যদি ৰাজনীতিত সঁচা কথা কোৱাটো ভুল, তেন্তে মই ভাবো সঁচা কথা কোৱাটো এটা অভ্যাস হ'ব লাগে। সত্যটো সমাজক জনাব লাগে। প্ৰজ্ঞা ঠাকুৰে আৰু কয় যে মিডিয়াই বিতৰ্কিত মন্তব্য দিয়ে৷ কিন্তু ৰাইজে ইয়াক সঁচা বুলি বিবেচনা কৰে। আমাৰ জনতাই সদায় সঁচা কথা কৈ আহিছে৷ ইয়াক বিৰোধীসকলে এক অস্ত্ৰ কৰি হিচাপে লয়। মাননীয় প্ৰধানমন্ত্ৰীয়ে ক'ব লগা হৈছিল যে তেওঁ হৃদয়ৰ পৰা ক্ষমা নকৰো। মই ইতিমধ্যে ইয়াৰ বাবে ক্ষমা বিচাৰিছিলো। কাকো আঘাত দিয়াৰ উদ্দেশ্যে নাছিল৷ প্ৰধানমন্ত্ৰী মোদীৰ মনত আঘাত লাগিছিল৷ সেয়েহে তেওঁ ক'ব লগা হৈছিল যে তেওঁ হৃদয়ৰ পৰা ক্ষমা কৰিব নোৱাৰিব। তেওঁৰ মনক আঘাত কৰাৰ মোৰ তেনে কোনো উদ্দেশ্য নাছিল।

প্ৰজ্ঞা ঠাকুৰে কয় টিকট নিদিয়াৰ সিদ্ধান্ত সংগঠনৰ। আমাৰ দেশত, সংগঠন গুৰুত্বপূৰ্ণ। সিদ্ধান্ত সহজে গ্ৰহণযোগ্য। আলোক শৰ্মালৈ মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা আছে। মই ২০১৯ চনতো টিকট বিচৰা নাছিলো, কিন্তু তেতিয়াও মই প্ৰতিদ্বন্দ্বিতা কৰাটো সংগঠনৰ সিদ্ধান্ত আছিল। ২০১৯ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নাথুৰাম গডছে সন্দৰ্ভত প্ৰজ্ঞা ঠাকুৰৰ বক্তব্যক লৈ গান্ধী বা গডছেৰ বিষয়ে যি কোৱা হৈছে, সেয়া ভাল নহয়৷ এয়া ঘৃণাৰ যোগ্য। সভ্য সমাজত এনে ভাষাই কাম নকৰে। এনে ধৰণৰ চিন্তাই কাম কৰিব নোৱাৰে। সেয়েহে, যিসকলে এনে কৰে তেওঁলোকে এশবাৰ আগলৈ চিন্তা কৰিব লাগিব। ক্ষমা বিচাৰিলে, এয়া এক বেলেগ বিষয়। কিন্তু মই মোৰ হৃদয়ৰ পৰা ক্ষমা কৰিব নোৱাৰিম। মই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম।

 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।