জুবিনৰ হুংকাৰঃ কা নামানো, কোনো মোদী, হিমন্ত বিশ্ব শৰ্মাক মই খাটিৰ নকৰো

 03/07/2024 - 20:24
ডিজিটেল ডেস্কঃ পলমকৈ হলেও পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হল শিল্পী জুবিন গাৰ্গ। যদিহে কা দেশত গৃহীত কৰে তেন্তে এইবেলি ৰাইজক নিৰ্বাচনত ভোট নিদিবলৈ আহ্বান জনালে জুবিন গাৰ্গে। বাক্সাৰ মুছলপুৰত এক সংগীতানুষ্ঠানত অংশ লৈ জুবিন গাৰ্গে ৰাইজক আহ্বান জনাই ক'লে যে- ‘ভোট নিদিলে কোনেও মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰে। মই কাকো খাটিৰ নকৰো। No CAA, I stand Here।’
 
সংগীতানুষ্ঠানখনিত লগতে জুবিন গাৰ্গে সকলো ৰাইজৰ সন্মিলিত প্ৰতিবাদ কৰিবলৈও আহ্বান জনায়। কাৰ বিৰুদ্ধে তেওঁ স্থিতিত এতিয়াও অটল আছো বুলি কৈ কয় যে, মই কাকো খাটিৰ নকৰো। আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। মই সলনি হোৱা নাই। মই এতিয়াও স্থিতপ্ৰজ্ঞ। ‘কা’ মই নামানো। ‘কা’ বলৱৎ হ’ব নোৱাৰে। কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাটিৰ নকৰো। মোক কোনেও একো কৰিব নোৱাৰে।’’
 
জুবিনে ৰাজনৈতিক নেতাসকলক চৰম কটাক্ষ কৰি কয়-  মই ৰাজনৈতিক নেতাক ঘৃণা কৰো। বিজেপি, কংগ্ৰেছ, এজিপি মই কাকো খাতিৰ নকৰো। আমি গালি পাৰিব পাৰো, আমাৰ অধিকাৰ আছে। উল্লেখ কৰা প্ৰয়োজন যে, কাৰ বিৰুদ্ধে জুবিনৰ সৃষ্টিক লৈ শেহতীয়াকৈ যথেষ্ট চৰ্চা হৈছিল সংবাদ মাধ্যমত। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।