বঙাইগাঁৱত অনুজ্ঞাপত্রহীন কাঠমিল জব্দ বন বিভাগৰ

 06/18/2019 - 17:31

মাণিকপুৰ: বঙাইগাঁও জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ অন্তৰ্গত মাণিকপুৰ আৰু কোকিলা অঞ্চলত এছিএফ আব্দুল গনিৰ নেতৃত্বত অভিযান চলাই তিনিটা অবৈধ কাঠমিল জব্দ কৰাৰ লগতে বহু কাঠ জব্দ কৰিছে বন বিভাগে। দীৰ্ঘদিন ধৰি কোকিলা আৰু মাণিকপুৰ অঞ্চলত অনুজ্ঞাপত্রহীন কাঠৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ লগতে অবৈধ কাঠ মিল চলাই আছিল একাংশ লোকে। আজি পুৱাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে বন বিভাগে অভিযান অব্যাহত ৰাখিছে।

আনকি অনাগত দিনলৈ এই অভিযান চলাই যোৱাৰ লগতে বন মাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলিও এছিএপ আব্দুল গনিয়ে সাংবাদিকক জানিবলৈ দিয়ে। অভিযানত অৰ্ধ সামৰিক বাহিনী, মাণিকপুৰ, ছালাবিলা আৰু কোকিলা আৰক্ষীয়ে সহযোগিতা আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।