Error message

  • Deprecated function: Creation of dynamic property MergeQuery::$condition is deprecated in MergeQuery->__construct() (line 1357 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).
  • Deprecated function: Creation of dynamic property DatabaseCondition::$stringVersion is deprecated in DatabaseCondition->compile() (line 1887 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).

ৰাম-লক্ষ্মণৰ বিচ্ছেদ কেতিয়াও নহয়ঃ লুৰীণৰ সাহস হৈ পুনৰ কাষলৈ ঘূৰি আহিল চিত্তৰঞ্জন...

 03/23/2024 - 23:09

ডিজিটেল ডেস্কঃ পুনৰ অসম জাতীয় পৰিষদলৈ ঘূৰি আহিল উজনি অসমৰ এগৰাকী শক্তিশালী যুৱনেতা চিত্তৰঞ্জন বসুমতাৰী। বিশেষ কিছু কামত কেইটামান বছৰৰ পূৰ্বে অসম জাতীয় পৰিষদ ত্যাগ কৰিছিল বসুমতাৰীয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বসুমতাৰী পুনৰ অসম জাতীয় পৰিষদলৈ প্ৰত্যাৱৰ্তন হব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে ২৩মাৰ্চৰ লুৰীণজ্যোতি গগৈৰ এক প্ৰচাৰ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে।

আঞ্চলিক দলটোত যোগদান কৰিয়েই বিজেপিক পৰাভূত কৰাৰ হুংকাৰ প্ৰদান কৰে বসুমতাৰীয়ে। মৰাণৰ প্ৰজাপতি বিবাহভৱনৰ পৰাই চিত্তৰঞ্জন বসুমতাৰীয়ে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে সদায়েই আজীৱন যুঁজ অব্যাহত থাকিব বুলি ঘোষণা কৰে। তেওঁ লগতে কয়- মই আগতেই কৈছো যে লুৰীণজ্যোতি গগৈ মোৰ বাবে ৰাম আৰু মই লক্ষ্মণ। ৰাম আৰু লক্ষ্মণ কেতিয়াও পৃথক হব নোৱাৰে। জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এই যুঁজ এতিয়াৰে পৰা আৰু অধিক শক্তিশালী হব।'

ইফালে এগৰাকী শক্তিশালী সৰ্তীথৰ পুনৰ আগমনে অধিক উতফুল্লিত কৰি তুলিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক। বিজেপিক একেলগে উতখাত কৰাৰ পণ লৈ লুৰীণজ্যোতি গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে। উল্লেখ কৰা প্ৰয়োজন যে, আছুত থকা সময়তো একেলগে কাম কৰিছিল চিত্তৰঞ্জন আৰু লুৰীণজ্যোতিয়ে। তাৰ পিছতে ধেমাজিত মন্ত্ৰী ৰণোজ পেগুৰ বিপৰীতে নিৰ্বাচনত নামিছিল চিত্তৰঞ্জন বসুমতাৰী। মাজুলীৰ উপ নিৰ্বাচনতো প্ৰতিন্দন্দ্বিতা কৰিছিল বসুমতাৰীয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।