আনন্দ মিশ্ৰক নিদিলে টিকট বিজেপিয়ে...

 03/25/2024 - 01:13

ডিজিটেল ডেস্কঃ সমাজৰ হিতৰ বাবে উচ্চ পদস্থ চাকৰি এৰি যোৱা অসমৰ সিংঘম খ্যাত আনন্দ মিশ্ৰক প্ৰদান কৰা নহ'ল বিজেপিৰ টিকট। আই পি এছগৰাকীক বিজেপিৰ পৰা টিকট প্ৰদান কৰা হব বুলি তীব্ৰ চৰ্চা চলিছিল যদিও অৱশেষত এই চৰ্চাৰ যৱনিকা পৰিল। বিহাৰত বিজেপিয়ে যি ১৭খন আসনত প্ৰতিন্দন্দ্বিতা কৰিব, সেই সকলো আসনেৰে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে বিজেপিয়ে।

মিশ্ৰক যিটো সমষ্টিত টিকট প্ৰদান কৰাৰ কথা চৰ্চা হৈছিল সেই সমষ্টিটোত বৰ্তমানৰ সাংসদগৰাকীৰ টিকট কৰ্তন কৰা হৈছে যদিও কপাল নুফুলিল আনন্দ মিশ্ৰৰ। বিহাৰৰ বক্সাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হল মিথিলেশ তিৱাৱীক। উল্লেখ নকৰি নোৱাৰি যে, বিহাৰৰ বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰই বহুদিনৰে পৰাই প্ৰচাৰ কাৰ্য চলাই আহিছিল। বিভিন্ন সজাগতামূলক কামৰ জৰিয়তে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছিল মিশ্ৰই।

কিন্তু অৱশেষত বিজেপি নেতৃত্বই প্ৰদান নকৰিলে প্ৰাৰ্থিত্ব। অসমৰ পৰা চাকৰি এৰি যোৱাৰ সময়ততে আনন্দ মিশ্ৰই বিজেপিৰ সকলো শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিছে বুলি বাতৰিও প্ৰকাশ পাইছিল। বিজেপিয়ে মিশ্ৰক প্ৰাৰ্থিত্বৰ গেৰান্টী প্ৰদান কৰিছে বুলিও বাতৰি প্ৰকাশ পাইছিল যদিও অৱশেষত সেই সকলো বাতৰি মিছা প্ৰমাণিত হ'ল। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।