'ৰামচন্দ্ৰ'ই বিজেপিৰ টিকটত খেলিব নিৰ্বাচনঃ দেওবাৰে তালিকাত আহিল নাম...

 03/25/2024 - 01:26

ডিজিটেল ডেস্কঃ  দেওবাৰে বিজেপিয়ে ঘোষণা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ পঞ্চমখন প্ৰাৰ্থিত্বৰ তালিকা। পূৰ্বে চৰ্চিত অনুসৰিয়েই এইবাৰ বিজেপিৰ হৈ টিকট লাভ কৰিলে বলিউদ অভিনেত্ৰী কংগনা ৰাণাৱটে। এই তালিকাত বিজেপিয়ে ১১১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। তাৰ ভিতৰত আছে অৰুণ গোৱিলৰ নামো। বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

ইফালে উত্তৰ প্ৰদেশৰ মেৰঠ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত অৰুণ গোবিলে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বছৰতে ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোবিলক টিকট প্ৰদান কৰাক লৈ বেচ চৰ্চাল হৈছে। লক্ষ্যণীয়ভাৱে পিলিভিতৰ পৰা বৰ্তমানৰ সাংসদ বৰুণ গান্ধীৰ টিকট কৰ্তন কৰিলে বিজেপি। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং আৰু অশ্বিনী চৌবেৰো টিকট কৰ্তন কৰিলে বিজেপিৰ নেতৃত্বই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।