বিহু নহয়! এইবাৰ ইলেকশ্যনক লৈহে ব্যস্ত দিপলিনা...

 03/27/2024 - 22:44

ডিজিটেল ডেস্কঃ বিহু পালিহেয়েই। অসমৰ প্ৰায় সকলো শিল্পী ব্যস্ত এতিয়া নিজ নিজ অনুষ্ঠানৰ প্ৰস্তুতিত। এনে সময়তে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিপলিনা ডেকা ব্যস্ত হৈ আছে আগন্তুক লোকসভা নিৰ্বাচনৰ কামত। যুৱ ভোটাৰসকলৰ মাজত ব্যস্ত হৈ আছে কন্ঠশিল্পী দিপলিনা ডেকা। শিৱসাগৰত নিৰ্বাচনী এক বিশেষ কামত ব্যস্ত হৈ আছে দিপলিনা ডেকা। দৰাচলতে শিল্পীগৰাকী কোনো প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে নহয়, বৰঞ্চ নিৰ্বাচন আয়োগৰ এক বিশেষ দায়িত্ব পালন কৰিবলৈহে শিৱসাগৰত নিৰ্বাচনী কামত ব্যস্ত হৈ আছে শিল্পীগৰাকী। 

নিৰ্বাচন আয়োগে দিপলিনা ডেকাক নিযুক্তি দিছিল শিৱসাগৰ জিলাৰ এম্বেচেদৰ হিচাপে। যুৱ ভোটাৰসকলৰ মাজত ভোটদানক লৈ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে সমষ্টিটোত কিছু কাৰ্য-কলাপ কৰিবলৈ দায়িত্ব অৰ্পন কৰা হৈছে কন্ঠশিল্পীগৰাকীক। সেই দায়িত্ব পালন কৰিবলৈকে শিৱসাগৰৰ কেইবাখনো শিক্ষানুষ্ঠানত যুৱ ভোটাৰসকলৰ মাজত দেখা গৈছিল দিপলিনা ডেকাক।

উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিটোত বৰ্তমানৰ বিধায়ক অখিল গগৈ। উক্ত লোকসভা সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈৰ বিপৰীতে বিজেপিৰ পৰা প্ৰতিন্দন্দ্বিতা কৰিছে বৰ্তমানৰ সাংসদ তপন গগৈয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।