বৰ লাজ পালে! হুকা পাৰ্লাৰত পুলিচে ধৰিলে বিগ বছ বিজয়ী মুনাৱাৰক...

 03/27/2024 - 23:05

ডিজিটেল ডেস্কঃ নিশা হুকা পাৰ্লাৰত আৰক্ষীয়ে আটক কৰিলে বিগ বছ-১৭ৰ বিজয়ী মুনাৱাৰ ফাৰুকীক। মঙলবাৰে নিশা ফাৰুকীক আটক কৰে মুম্বাই আৰক্ষীৰ এটা দলে। বিগ বছ-১৭ৰ খিতাপ দখল কৰা কমেডিয়ান গৰাকীক সোধ-পোচৰ অন্তত অৱশ্যে মুকলি কৰি দিয়ে আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য  অনুসৰি, মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে ফ’ৰ্ট এলেকাৰ এখন হুকা পাৰ্লাৰত অভিযান চলাইছিল। আৰু এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৪ জন লোকক আটক কৰে। আৰু এই আটকাধীন লোক কেইজনৰ ভিতৰত আছিল মুনাৱাৰ ফাৰুকীও।  সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে মুম্বাই আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।