কি যে হৈছে! দিন বেয়া চলিছে হাৰ্দিকৰ...

 03/27/2024 - 23:36

ডিজিটেল ডেস্কঃ আই পি এলৰ চলিত চিজন বেচ ৰোমাঞ্চকৰ হৈছে। এইবেলি আই পি এলত সবাতোকৈ সমালোচিত হোৱা খেলুৱৈজন হৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া। খেলুৱৈগৰাকীৰ অধিনায়কত্বক লৈ ক্ৰীড়ানুৰাগীসকল যথেষ্ট নিৰাশ হৈছে। আই পি এলত অতিকৈ শক্তিশালী টীম মুম্বাই ইণ্ডিয়ানছে এইবেলি চিজনত হাৰেৰে আৰম্ভ কৰিবলগীয়া হৈছে, তাকে লৈ একাংশ ক্ৰীড়ানুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে হাৰ্দিক পাণ্ডিয়াক অধিনায়কত্বক লৈ। বুধবাৰে হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আই পি এলৰ ইতিহাসত অভিলেখ সৃষ্টি কৰে হায়দৰাবাদৰ টীমটোৱে।

আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ অৰ্জন কৰা দল হিচাপে অভিলেখ ৰছে চানৰাইৰ্জাছ হায়দৰাবাদে। নিৰ্ধাৰিত ২০অভাৰত হায়দৰাবাদ দলটোৱে ২৭৭ৰাণৰ পৰ্বতসম স্কৰ থিয় কৰায়। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে এই ৰেকৰ্ডৰ গৰাকী আছিল আৰ চি বি দল। আৰ চি বিয়ে আই পি এলৰ নিৰ্ধাৰিত ২০অভাৰত ২৬৩ৰাণ কৰি সৰ্বাধিক ৰাণ কৰা দল হিচাপে  ৰেকৰ্ডৰ অধিকাৰী আছিল। আৰু এই ৰেকৰ্ড শেহতীয়াকৈ আৰ চি বিৰ পৰা কাঢ়ি লয় হায়দৰাবাদে। 

উল্লেখ নকৰি নোৱাৰি যে, মুম্বাইৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হোৱা মেচখনত হেডে ২৪বলত ৬২ৰাণ, অভিষেকে ২৩টা বলত ৬৩ৰাণ আৰু ক্লেছেনে ৩৪টা বলত ৮০ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত  মুম্বাইয়ে শক্তিশালী অপেনিং কৰে যদিও বাতৰি লিখা পৰলৈকে ৭অভাৰত ৮০ৰাণ সংগ্ৰহ কৰি ২টা উইকেট হেৰুৱাইছে। 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।