হাটশিঙিমাৰী: ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ কিছু অংশ নদীৰ কাৰণে উন্মুক্ত থকাৰ সুযোগলৈ একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা৷ দেওবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্ত অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ১২টা গৰুসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষক কংকনজ্যোতি শইকীয়াই জানিবলৈ দিয়া মতে আটকাধীন চোৰাং সৰবৰাহকাৰী দুজন নুৰ আলম পৰামানিক আৰু আমজাদ হুচেইন৷
দেওবাৰে আৰক্ষীয়ে অভিযান চলাই গৰুসহ আটক কৰে চোৰাং গৰু সৰবৰাহকাৰী দুজনক। আৰক্ষী অধীক্ষকে জিলাখনত পূৰ্বৰে পৰা চলি থকা অবৈধ চোৰাং গৰুৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে৷ মন কৰিবলগীয়া যে চৰকাৰে ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰীত স্মাৰ্ট ফেনচিঙৰ উপৰি অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া পহৰা দিয়াৰ পাছতো কিদৰে সীমান্তৰ মাজেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ সাহস কৰে সেয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে।