মৰম কৰাৰ চলেৰে কনহাইয়াক কোনে শোধালে প্ৰচণ্ড চৰ...

 05/18/2024 - 00:49

ডিজিটেল ডেস্কঃ যুৱ কংগ্ৰেছ নেতা কনহাইয়া কুমাৰৰ এগৰাকী যুৱকে শোধালে প্ৰচণ্ড চৰ। উত্তৰ পূব দিল্লীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ ওস্মানপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ভিৰৰ সুযোগ লৈ আম আদমী দলৰ নেত্ৰী ছায়া শৰ্মাৰ লগতো একাংশ লোকে অব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে। 

উক্ত ঘটনাৰ সন্দৰ্ভত শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅত দেখা পোৱা গৈছে যে, এগৰাকী যুৱকে কনহাইয়া কুমাৰক মালা পিন্ধাবলৈ আহি যুৱ কংগ্ৰেছ নেতাগৰাকীৰ গালত প্ৰচণ্ড চৰ শোধায়। ইতিমধ্যে উক্ত ঘটনাক লৈ গোচৰো ৰুজু কৰা হৈছে। আম আদমী পাৰ্টিৰ ফালৰ পৰাও এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।