হাঁহিমুখীয়া প্ৰাণজিতে আকৌ হাঁহিবলৈ আপোনাৰ সহায় লাগে...

 05/18/2024 - 01:22

ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ ঘিলামৰাৰ এগৰাকী হাঁহিমুখীয়া যুৱক প্ৰাণজিত শইকীয়া ডিব্ৰুগড়ৰ হস্পাতালৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে। এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পাতালৰ বিচনাত দিন কটোৱা সৰহবৰহী যুৱকগৰাকীৰ দুটাকৈ জটিল অস্ত্ৰোপচাৰ ইতিমধ্যে সম্পন্ন হৈছে। দেহৰ বহু কেইটা অংশত গুৰুতৰভাৱে আঘাত পোৱা প্ৰাণজিতৰ দেহত কেইবাডালো গুৰুতৰ হাড় ভাগি যোৱাৰ লগতে পেটৰ অংশত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।

পৰিয়ালৰ লোক তথা বন্ধুবৰ্গই এটা পৰ্যায়ৰ লৈকে প্ৰাণজিতক আৰ্থিকভাৱে সহায় কৰিছে যদিও শেহতীয়াকৈ নিসহায় হৈ পৰিছে পৰিয়ালটো। প্ৰাণজিতৰ পৰিয়াল তথা বন্ধুবৰ্গই এতিয়া ৰাইজৰ পৰা কিছু সহায় বিচাৰিছে। পুনৰ যাতে প্ৰাণজিত সুস্থ হৈ পূৰ্বৰ দৰে চলাফিৰা কৰিব পাৰে তাৰবাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে বহুজনে।

উল্লেখ কৰা প্ৰয়োজন যে, ঘিলামৰাৰ চিনাই গাঁৱৰ নিৱাসী প্ৰাণজিত শইকীয়া। পৰিয়ালৰ একমাত্ৰ সন্তানৰ এনে অৱস্থাত স্বাভাৱিকতেই দিশহাৰা হৈছে পৰিয়ালতো। কোনো সুহৃদয়ৱান লোকে সহায় কৰিব বিচাৰিলে 60012 99829 আৰু 87249 45847 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।