চাহৰ নিলাম ব্যৱস্থাই বিপদত পেলাইছে অসমৰ চাহ ব্যৱসায়ীক!

 05/22/2024 - 01:23
 অসমৰ চাহ ব্যৱসায়ী

ডিজিটেল ডেস্কঃ চাহৰ নিলাম (Auction) ব্যৱস্থাই বিপদত পেলাইছে অসমৰ চাহ ব্যৱসায়ীসকলক। চাহৰ নিলামৰ নামত অসমৰ চাহ ব্যৱসায়ীসকল সমস্যাত পৰাৰ অভিযোগ উত্থাপন কৰিছে অল আসাম টি বটলিং এছোচিয়েচনে। নিলাম ব্যৱস্থা অতি জটিল হোৱাৰ ফলত সমস্যাত পৰা বুলি অভিযোগ আনিছে ব্যৱসায়ী সংস্থাটোৱে।

সংস্থাটোৱে এই সন্দৰ্ভত জৰুৰী আলোচনাত মিলিত হৈ কয় যে কেৱল চাহৰ অক্সন হোৱাৰ কাৰণ কি? দেশত ছয়খন বৰ্ড আছে৷ ককনাট ডেভলপমেণ্ট বৰ্ড, কফি বৰ্ড, কয়েল বৰ্ড, ৰাবাৰ বৰ্ড, স্পাইচ বৰ্ড, টি বৰ্ড৷ এই ছয়খন বৰ্ডৰ ভিতৰত পাঁচখন বৰ্ডৰ কোনো সামগ্ৰী আজিলৈ অক্সন হোৱা নাই৷ কেৱল চাহপাতৰ বাবে অক্সন হোৱাৰ কাৰণ কি? এয়া এক ষড়যন্ত্ৰ৷ অল আসাম টি বটলিং এছোচিয়েচনে এই প্ৰশ্ন উত্থাপন কৰি নিলাম ব্যৱস্থা শিথিল কৰাৰ দাবী উত্থাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।