ডাঙৰীয়া আহিছে, আতৰি দিয়কঃ কি ভাৱি ব্যৱহাৰ কৰিলে অনুৰাগ শইকীয়াই...

 05/22/2024 - 23:52
ডিজিটেল ডেস্কঃ ডাঙৰীয়া আহিছে, আতৰি দিয়ক, আতৰি দিয়ক- এগৰাকী মহিলাৰ এই মাতটো হয়তো আপোনাৰ বাবে অচিনাকি নহয়। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি এগৰাকী মহিলাৰ এই চিতকাৰ শেহতীয়াকৈ ব্যৱহাৰ হৈছে জনপ্ৰিয় হিন্দী ৱেবচিৰিজ পঞ্চায়তৰ তৃতীয় সংস্কৰণত। অসম সন্তান অনুৰাগ শইকীয়াই এই ৱেব চিৰিজখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে। অনুৰাগ শইকীয়াৰ দৰে এগৰাকী প্ৰতিভাৱান সংগীত পৰিচালকৰ পৰা হোৱা এনে সৃষ্টিক লৈ শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সামাজিক মাধ্যমক বহুজনে কটাক্ষ কৰিছে প্ৰতিভাৱান সংগীত পৰিচালকগৰাকীক। 
 
অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে-  আমাজন'ত চাই বৰ ভাল লগা 'পঞ্চায়ত' নামৰ ছিৰিজটোৰ সংগীত পৰিচালক ৰূপে অসমৰ অনুৰাগ শইকীয়াই খুব ভাল কাম কৰিছিল। প্ৰশংসিতও হৈছিল। এদিন অনুৰাগ মোৰ তালৈ আহোতে ময়ো শলাগিছিলো।
 
স্বাভাৱিকতে 'পঞ্চায়ত'ৰ পাছৰ পৰ্যায়তো সংগীতৰ দায়িত্বত থকা অনুৰাগৰ পৰা আৰু ভাল কাম আশা কৰিছিলোঁ। 'পঞ্চায়ত' 3ৰ সংগীত হয়তো ভালো হৈছে, কিন্তু 'পঞ্চায়ত'3 ৰ থীম ছংটোত গহপুৰৰ সেই দুৰ্ভগীয়া অসহায় কুসংস্কাৰচ্ছন্ন মহিলাগৰাকীৰ চিঞৰটো শুনিহে স্তম্ভিত হলো--আতঁৰি দিয়ক, আতঁৰি দিয়ক, ডাঙৰীয়া আহিছে!
 
নাৰীকন্ঠৰ এই চিঞৰ আচলতে এখন অবোধ অসহায় ঈশ্বৰহীন সমাজৰ আৰ্তনাদ। তাক লৈ এই তাচ্ছিল্য শোভা নাপায়। তাতে  'পঞ্চায়ত' 3ৰ থীম ছংটোৰ সৈতে এই আৰ্তিৰ কোনো সংগতিয়েই নাই। অনুৰাগ শইকীয়া আৰু আমাজন কৰ্তৃপক্ষক এই 'চিৎকাৰ'ৰ বিকৃত প্ৰয়োগ প্ৰত্যাহাৰ কৰিবলৈ টানি অনুৰোধ  জনালোঁ। অনুৰাগৰ দৰে নবীন প্ৰতিভাসম্পন্ন আৰু গুণী সংগীত পৰিচালকে অন্যধৰণেও নিজৰ সৃষ্টিশীলতা প্ৰমাণ কৰিব পাৰে।
 
এতিয়া সময়েহে কব এই গীতটোক লৈ অনুৰাগ শইকীয়াই কি সিদ্ধান্ত গ্ৰহণ কৰে। নে প্ৰচাৰৰ বাবেই এনে কৌশল অৱলম্বন কৰিলে সেয়াও সময়তহে গম পোৱা যাব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।