হাতলৈ ধন অহাৰ বাট খোল খাবঃ বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক কেৱল মাত্ৰ এইটো কাম...

 05/23/2024 - 12:21
ডিজিটেল ডেস্কঃ আজি বুদ্ধ পূৰ্ণিমা। এই পৱিত্ৰ দিনটোত কিছুমান বিশেষ কাম কৰিলে আপোনাৰ জীৱনলৈ সৌভাগ্যৰ আগমন হয়। এই ধন বৃদ্ধি বা টকাৰ অভাৱ দূৰ কৰিবৰ বাবে ৫ পোৱা অৰ্থাৎ ১কেজি এপোৱা চাউল এখন হালধীয়া কাপোৰেৰে বান্ধি পূৰ্ণিমাৰ ৰাতি মা লক্ষ্মী বা শ্ৰী বিষ্ণুক প্ৰাৰ্থনা কৰিব পাৰে ৷ পিছদিনা এই চাউলৰ আধাকেজি নিজৰ কাৰণে ৰাখি, আধা কেজি ভিক্ষাৰীক দান দিব পাৰে ৷ আৰু বাকী ৰোৱা এপোৱা চাউল মন্দিৰত ৰাখিব পাৰে ৷ যেতিয়া আপুনি শুভ কামত ওলাই যাব তেতিয়া সেই চাউল লগত লৈ যাব পাৰে ৷
 
দ্বিতীয়তে এই দিনটোত পুৱা ঘৰ মচাৰ সময়ত পানীৰ লগত গংগা জল বা গোলাপ জল বা বগা ভিনেগাৰ, লগত নিমখ দি মচিব পাৰে ৷ যিহেতু এইবাৰৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰিছে অৰ্থাৎ লক্ষ্মীৰ বাৰ পৰিছে আৰু পূৰ্ণিমাত লক্ষ্মীৰ চৰিত পাঠ কৰা হয়, সত্য নাৰায়ণ পূজা কৰা হয় , সেয়ে এই সময়খিনিত ঘৰত সকলোৱে গংগাজলেৰে গা ধুব পাৰিলে ভাল হয় ৷
 
আঁহত গছত মা লক্ষ্মীয়ে বাস কৰে গতিকে এই দিনটোত পানীৰ লগত চেনি মিহলি কৰি আঁহত গছৰ গুৰিত ঢালিলে তেতিয়া ধন বৃদ্ধিত সহায় হয় ৷
পাৰিলে চেনিৰ লগত অকমান আটা মিহলি কৰি আঁহত গছৰ গুৰিত দিব পাৰিলে ভাল ৷ সেই আটা পৰুৱাই খোৱাৰ ফলত ব্ৰহ্মভোজনৰ ফল পোৱা যাব ৷ 
 
মন্দিৰৰ ওচৰৰ আঁহত গছ হ'লে ভাল হয় ৷ আৰু আঁহত গছজোপাৰ চাৰিওফালে ৪ বাৰ বা ৭ বাৰ প্ৰদক্ষিণ কৰিব ৷ শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে ৷ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে শিৱলিংগত গাখীৰ, চাউল আৰু চেনি মিহলি কৰি অৰ্পণ কৰিব পাৰে ৷ লগতে শিৱলিংগত গংগাজল অৰ্পণ কৰিব পাৰিলেও ভাল ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।