SRHৰ মালিক তেওঁঃ ধুনীয়া ছোৱালীজনীৰ সম্পত্তিৰ কথা জানিলে পাগল হ'ব আপুনি...

 05/30/2024 - 20:28
ডিজিটেল ডেস্কঃ সমাপ্তি ঘটিল আই পি এল-২০২৪। এইবেলি ছিজনত চৰ্চিত ব্যক্তিসকলৰ ভিতৰত এগৰাকী আছিল হায়দৰাবাদ টীম SRHৰ স্বত্তাধিকাৰী কাব্যা মাৰাণ। হায়দৰাবাদৰ প্ৰতিখন খেলতে গেলেৰীত বহি খেলুৱৈসকলক উতসাহ দিয়া দেখা গৈছিল কাব্যাক। হঠাতে চৰ্চালৈ অহা এই যুৱতীগৰাকীক লৈ ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা হোৱা দেখা হল। 
 
উল্লেখ কৰা প্ৰয়োজন যে, কাব্যা হৈছে দেশৰ এগৰাকী অন্যতম ব্যক্তি কলানিধি মাৰাণৰ একমাত্ৰ কন্যা। SUN গ্ৰুপৰ স্বত্তাধিকাৰী কলানিধি মাৰাণৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২৬হাজাৰ কোটিৰো অধিক। চানৰাইজাৰ্জ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া কাব্যা মাৰাণ হৈছে SUN TVৰ বৰ্ড অৱ ডাৰেক্টৰৰ মেম্বাৰৰ লগতে SUN NXTৰ মুখ্য সম্পাদক। নাব্যাৰ নিজাববীয়া সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯কোটি টকা। চেন্নাইৰ পৰা বি কম পাছ কৰা পাছত নিউৰ্য়কত এম বি এ সফলতাৰে পাছ কৰিছিল নাব্যাই। 
 
নাব্যাৰ ওচৰত থকা এখন অন্যতম দামী বাহন হৈছে Rolls-Royce Phantom। এই বাহনখনৰ দাম ১০কোটিৰো অধিক। ইয়াৰোপৰি বহুকেইখন বিলাসী গাড়ীৰ মালিক হৈছে নাব্যা। নাব্যাৰ পৰিয়ালটো ৰাজনীতিৰ সৈতে ওতপোতভাৱে জড়িত। তেওঁৰ ককাক আছিল ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।