ভাগি পৰিছে নেকি কেজৰিৱাল! আদালতত হৈছিল কি?

 06/26/2024 - 22:49

ডিজিটেল ডেস্কঃ সময় যিমানে বাগৰিছে, সিমানে বিপদ বাঢ়িছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে জামিন খাৰিজ কৰাৰ পাছত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। প্ৰায় ডেৰ ঘন্টা জেৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে চি বি আয়ে। 

চিবিআয়ে কেজৰিৱালক ৫দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত ৩দিনৰ জিন্মালৈ প্ৰেৰণ কৰে। অহা ২৯জুনত পুনৰ আদালতত হাজিৰ কৰোৱা হব কেজৰিৱালক। এই তিনিটা দিন কেজৰিৱালক তিহাৰ জেললৈ যাব নিদিয়ে চি বি আয়ে। চি বি আইৰ কাৰ্যালয়তে ৰাখি সোধ পোচ কৰা হব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। কেজৰিৱালে বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে আদালতত অনুৰোধ কৰিছিল যে, তেওঁৰ ছুগাৰ লেবেল হ্ৰাস পোৱা যেন অনুভৱ হৈছে। সেয়েহে কিবা এটা খোৱাৰ ব্যৱস্থা কৰিলে ভাল হয়। কেজৰিৱালৰ এই অনুৰোধ ৰক্ষা কৰি আদালতে অতি সোনকালে খোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।