ৰাহুল গান্ধী, অজয়, কাজল, সোণাক্ষী আৰু বিৰাটঃ নিমন্ত্ৰণ পায়ো আম্বানীৰ বিয়ালৈ কোন কোন নাহিল...

 07/14/2024 - 23:46

ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াত দেশৰ লগতে বিদেশৰ সকলো খ্যাতনামা লোক গোট খালে। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা ভিন্ন দলৰ ৰাজনৈতিক নেতা, অভিনেতা, খেলুৱৈসকলক দেখা গল আম্বানীৰ বিয়াত। কিন্তু আম্বানীৰ বিয়ালৈ নিমন্ত্ৰণ পায়ো নাহিল কেইগৰাকীমান বিশেষ ব্যক্তি। বিয়ালৈ নহা তালিকাত প্ৰথমতেই আছে বিৰাট আৰু অনুষ্কা।  নিজৰ পৰিয়ালৰ কিছু ব্যক্তিগত অসুবিধাৰ দোহাই দি নিমন্ত্ৰণ পোৱাৰ পাছতো বিয়ালৈ নাহিল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা।

নিমন্ত্ৰণ পায়ো আম্বানীৰ বিয়ালৈ নহা তালিকাত আছে সোণাক্ষী সিনহাৰ নামো। অতি শেহতীয়াকৈ বিয়াত বহা বলিউদ অভিনেত্ৰীগৰাকী দেখা নগল আম্বানীৰ বিয়াত।  শতিকাৰ সবাতোকৈ ব্যয়বহুল বিয়াখনত দেখা নহল কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীকো। ইফালে অনন্ত আম্বানীৰ বিয়াত উপস্থিত নাথাকিল বলিউদৰ খিলাড়ী অক্ষয় কুমাৰ। কোভিড আক্ৰান্ত হোৱাৰ বাবে বিয়ালৈ আহিব নোৱাৰিলে বলিউদৰ এই অভিনেতাগৰাকী।

ইফালে বিয়াত দেখা নগল পৰিণিতি চোপ্ৰাকো। আম্বানীৰ পুত্ৰৰ বিয়াৰ প্ৰী ৱেডিঙত কৰীণা কাপুৰক দেখা গৈছিল যদিও বিয়াত দেখা নগল চেইফ আলী খান আৰু কৰীণ কাপুৰক। ইটালীত পৰিয়ালৰ সৈতে সময় কটাই থকাৰ বাবে আম্বানীৰ ঘৰৰ বিয়ালৈ নাহিল এই স্বামী-পত্নী। কংগণা ৰাণাৱউতো নাহিল আম্বানীৰ বিয়ালৈ। অভিনেতা আমিৰ খান প্ৰী ৱেডিঙত আহিছিল যদিও আম্বানী পুত্ৰৰ বিয়ালৈ নাহিল আমিৰ খান। আনফালে বলিউদৰ বলিষ্ঠ অভিনেতা অজয় আৰু কাজলো নাহিল এই বিয়ালৈ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।