ৰাকেশ দাসৰ ওপৰত বিশ্বাস আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

 07/21/2024 - 21:40

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত অসম ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চা তথা BJYMৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হল সুদক্ষ যুৱ নেতা ৰাকেশ দাসক। বহু ষড়যন্ত্ৰ ওফৰাই এ বি ভি পিক নেতৃত্ব দিয়া নেতাগৰাকীক অৰ্পন কৰা হল এই গুৰু দায়িত্ব। এই দায়িত্ব লাভ কৰিয়ে বশিষ্ঠস্থিত অসম বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ ভৱেশ কলিতাক সাক্ষাত কৰে দাসে। সাংবাদিকৰ সৈতে হোৱা কথোপকথনত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ২৪ঘন্টাৰ ভিতৰত ২২ঘন্টাই দলৰ বাবে দিম বুলি মন্তব্য কৰে।

ইফালে ৰাজ্যিক সভাপতিৰ দায়িত্ব পোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অভিনন্দন জনায় ৰাকেশ দাসক। সামাজিক মাধ্যম যোগে ৰাকেশ দাসক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে লিখে- 

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হোৱা শ্ৰীৰাকেশ দাসলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ ৰাজ্যত আমাৰ দল তথা ভাৰতীয় জনতা যুৱ মৰ্চাক অধিক শক্তিশালী কৰাত শ্ৰীৰাকেশ দাসে এক বিশেষ ভূমিকা পালন কৰিব বুলি আমি বিশ্বাস কৰোঁ৷ সেৱাৰ মনোভাবেৰে দল, ৰাজ্য আৰু দেশৰ হৈ সম্পূৰ্ণ নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰি যাওক, তেওঁলৈ আমাৰ শুভেচ্ছা সদায়েই থাকিব৷
All reactio

762

 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।