বিশাল, চুমি, তাৰ্কিকৰ কেলেংকাৰী পোহৰলৈ আনিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

 09/13/2024 - 18:56
ডিজিটেল ডেস্কঃ  ট্ৰেডিং কেলেংকাৰীৰ সমগ্ৰ বিষয় মই পোহৰলৈ আনিছো। বিশাল, চুমি, তাৰ্কিকৰ দৰে অনলাইন ট্ৰেডিঙত জড়িত হৈ থকা সকল আৰক্ষীৰ জালত নপৰিলেহেতেন যদিহে মই সচেতনতা প্ৰদৰ্শন নকৰিলোহেতেন। মোৰ মুখ্যমন্ত্ৰীৰ পুঁজিত ১কোটি টকা দিবলৈ আহোতেই মোৰ সন্দেহ হৈছিল আৰু তাৰ পিছতে মই তদন্ত কৰিবলৈ কওঁতেই এই সমগ্ৰ কাণ্ড পোহৰলৈ আহিল। গতিকে আপোনালোকে মোক ধন্যবাদ দিয়ক গালি দিয়াৰ পৰিৱৰ্তে...- চুমি বৰাৰ প্ৰসংগক লৈ বৃহস্পতিবাৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
 
সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গ্ৰেপ্তাৰৰ পূৰ্বে চুমিক কিয় জিম খানালৈ লৈ যোৱা হৈছিল, তাক লৈ তদন্ত কৰিবলৈ মই ডিজিপিক নিৰ্দেশ দিছো। লগতে আৰক্ষীৰ হাতত থকা অৱস্থাত কেনেকৈ সাক্ষাতকাৰ দিব পাৰিলে, সেই কথাৰ ওপৰতো তদন্ত হব। মোৰ সন্দেহ হয় যে, সাংবাদিকক সাক্ষাতকাৰ দিবলৈকে জিমখানালৈ লৈ গৈছিল চুমি আৰু তাৰ্কিকক।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এইবাৰ কোনো কেলেংকাৰী বা দুৰ্নীতি কৰি কোনো লোক সাৰি যাব নোৱাৰে। কোনো কেলেংকাৰী গাপ দিয়া নহয় এইখন চৰকাৰৰ দিনত। দুদিন দেৰি হ'লেও সকলোৰে হিচাপ হ'ব।  উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান ৫দিনৰ আৰক্ষীৰ জিম্মাত আছে চুমি আৰু তাৰ্কিকে। আৰক্ষীৰ জেৰাত চুমিয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰাৰ লগতে বিশালৰ কোনো অপকৰ্মৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।