বৰপেটা: বৰপেটাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ, বৰপেটা জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় বৰপেটা সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় প্ৰাঙ্গনত। ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ইস্তাহাৰত স্পষ্টকৈ উল্লেখ আছিল যে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। পৰিৱৰ্তনকামী চৰকাৰৰ ওপৰত টেট উত্তীৰ্ণ শিক্ষকসকলৰ গভীৰ আস্থা আৰু বিশ্বাস আছিল যদিও চৰকাৰৰ কাৰ্যকাল তিনি বছৰ পাৰ হ'ল তথাপিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে।
কিন্তু বৰ্তমান সময়ত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে নিজৰ চাকৰিটোৰ নিশ্চয়তাক লৈ শংকিত হৈ পৰিছে। এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ শিক্ষকসকলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়ে। সাংবাদিকৰ আগত তেওঁলোকে প্ৰকাশ কৰে যে কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়া আমি একো একোজন ড্ৰাইভাৰ। এই ধৰ্ণা কাৰ্যসূচীত টেট উত্তীৰ্ণ শিক্ষকসকলে বিভিন্ন ধৰণৰ শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে।
অহা ২৯ জুন তাৰিখে অসমৰ প্ৰায় ৪১০০ হাজাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে সভাপতি জগদীশ কলিতা আৰু সাধাৰণ সম্পাদকদ্বয় জিৎ জ্যোতি ডেকা, অশোক পাঠক লগতে বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ টেট উত্তীৰ্ণ শিক্ষকসকল। কাৰ্যসূচীৰ শেষত বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
স্মাৰক পত্ৰ গ্ৰহণ কৰে বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈয়ে।