বলিং ধুমুহাৰে খলকনি তুলিছে শচীন পুত্ৰ অৰ্জুনে

 06/18/2019 - 18:44

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ উজ্বলি উঠিছে খেলপথাৰত৷ কাউণ্টী ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনেৰে নিজকে প্ৰতিষ্ঠা কৰাত ব্যস্ত আছে অৰ্জুন।

ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলৰ বাওঁহতীয়া বেগী বলাৰ অৰ্জুনে ইংলেণ্ডত এম চি চি য়ং ক্ৰিকেটাৰ্ছৰ হৈ খেলি আছে। সোমবাৰে পুৱা সুন্দৰ বলিঙেৰে অৰ্জুনে ছাৰে ছেকেণ্ড ইলেভেনৰ এজন বেটছমেনক আউট কৰাৰ পিছতে চৌদিশে প্ৰশংসিত হৈছে।

নিজৰ দ্বিতীয় অভাৰত অৰ্জুন তেণ্ডুলকাৰে সঠিক লাইন আৰু লেংথত বলিং কৰে আৰু দ্বিতীয়টো বল বেটছমেনে ডিফেণ্ড কৰাৰ চেষ্টা চলাইছিল যদিও বিফল হয়।

অৰ্জুনৰ দ্ৰুতবেগত যোৱা বলটোৱে স্পৰ্শ কৰে মিডিল ষ্টাম্প। অৰ্জুনৰ এই বলটো লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডে শ্বেয়াৰ কৰিছে আৰু তাৰ পিছতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

১১ অভাৰত গড়ে ৪.৫৫কৈ ৫৫ ৰান দি অৰ্জুনে দখল কৰে দুটা উইকেট। ইয়াৰ ভিতৰত চাৰিটা মেইডেন অভাৰ। ক্ৰমাৎ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হোৱা শচীন পুত্ৰক লৈ যথেষ্ট আশাবাদী ক্ৰীড়ামোডীসকল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।