06/18/2019 - 20:20
in
হাউলী: বৰপেটা জিলাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে আজি দিনৰ বাৰ বজাৰ পৰা হাউলী পৌৰসভাৰ উদ্যোগত হাউলী নগৰৰ চুকে-কোণে অবৈধভাবে চৰকাৰী মাটি বেদখল কৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানসমূহত জেচিবিৰ জৰিয়তে অভিযান চলাই বেদখল মুক্ত কৰে। ৰাস্তাৰ দুয়ো কাষে থকা সৰু সৰু দোকান পোহাৰসমূহ উচ্ছেদ কৰাৰ ফলত সম্প্ৰতি নগৰখনত যান-জঁটৰ সমস্যা দূৰ হ'ব বুলি আশা কৰিছে ৰাইজে।
উক্ত উচ্ছেদ অভিযানত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত সাধন সৰকাৰ, অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, হাউলী পৌৰসভাৰ সভানেত্রী ববিয়াৰা বেগম, উপ সভাপতি বিমল কৰ্মকাৰ, ৱাৰ্ড আয়ুক্তদ্বয় ৰহিজ উদ্দিন, ভাৰতী ৰাণী সাহা, হাউলী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া চন্দন গোস্বামী, অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকসকল উপস্থিত থাকে।
হাউলী পৌৰসভাৰ এই প্ৰচেষ্টাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।