বেজৰ নাকত খৰ: গাঁওবুঢ়াসহ সাতটাকৈ জুৱাৰী কৰায়ত্ত তিতাবৰত

 06/19/2019 - 12:27

তিতাবৰঃ তিতাবৰত দিনে নিশাই চলি অহা অগাধ জুৱাৰ বেহাই দিনক দিনে ধ্বংস কৰিছে কেইবাটাও পৰিয়ালক। ঘৰৰ মাটি-বাৰী, গহনা আদি বন্ধকত থৈ একাংশ জুৱাৰী ব্যস্ত হয় এতিয়া জুৱা খেলত।

আজি তিতাবৰ মহকুমা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত যোৱা তিতাবৰ আৰক্ষীৰ এটা দলে মাধপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দাংধৰা বজাৰত জুৱা খেলি থকা অৱস্থাত গোপন সূত্ৰে খবৰ পাই আৰু লগে লগে অনুসন্ধান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় সাতটাকৈ জুৱাৰীক।

জুৱাৰী কেইটাৰ পৰা খেলি থকা তাচ পাত, নগদ ধনসহ মোবাইল ফোন, চাইকেল, বাইক আদি জব্দ কৰে আৰক্ষীয়ে। জুৱাৰী কেইটা ক্ৰমে পুলিন শইকীয়া, পৱিত্ৰ বৰ্মন, পুতুল পাচনি, দাদুল হুছেইন, পুলক শইকীয়া, দেৱজিত শইকীয়া আৰু ৰঞ্জিত শইকীয়া।

উল্লেখযোগ্য যে এই জুৱাৰী কেইটাৰ মাজত থকা এটা জুৱাৰী এখন গাঁৱৰ গাঁওবুঢ়া, নাম পবিত্ৰ বৰ্মন। এতিয়া প্ৰশ্ন হয়, এখন গাঁৱৰ মুৰব্বী খোদ গাঁওবুঢ়াই যদি এনেদৰে জুৱা খেলত লিপ্ত হৈ থাকে তেনেহলে গাঁওখনৰ ৰাইজক কেনেদৰে সঠিক পথ দেখুৱাই আগবঢ়াই নিব সেইয়া এই মুহুৰ্তৰ লাখটকীয়া প্ৰশ্ন হৈ উঠিছে তিতাবৰৰ সচেতন মহলত। লগতে তিতাবৰ মহকুমা আৰক্ষী বিষয়া গৰাকীৰ এনে পদক্ষেপ শলাগ লৈছে সকলোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।