মানৱ দৰদী জুবিন গাৰ্গঃ দুৰ্ঘটনাগ্ৰস্তক নিজে উদ্ধাৰ কৰি প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ

 06/19/2019 - 12:53

ছয়গাঁওঃ মানৱ দৰদী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মহানুভৱতাই আজি আকৌ চৰ্চা লাভ কৰিছে।

 বুধবাৰে পুৱতি নিশা ছয়গাঁৱৰ কৈমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনা প্ৰত্যক্ষ কৰি জুবিন গাৰ্গে উদ্ধাৰ কৰিলে আহত লোকসকলক। 

AS 132 7323 নম্বৰৰ বলেৰ’ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাত আহত ৭ জন লোকক স্থানীয় লোকৰ সতে উদ্ধাৰ কৰি নিজ হাতেৰে এম্বুলেঞ্চত উঠাই দি চিকিৎসালয়লৈ  প্ৰেৰণ কৰে জুবিন গাৰ্গে।

মঙলবাৰে নিশা ৰংজুলিত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। নিজৰ সংগীতানুষ্ঠান সামৰি ৰংজুলিৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত জুবিন গাৰ্গে দেখা পাইছিল দুৰ্ঘটনাটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।