ধুবুৰীৰ লক্ষীগঞ্জত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী চকী ঘেৰাও উত্তেজিত জনতাৰ

 06/19/2019 - 14:21

ধুবুৰী: ধুবুৰীৰ লক্ষীগঞ্জত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত জনতাই লক্ষীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰথমে অপহৰণ কৰি পিছত ধৰ্ষণৰ বলী হোৱা ধৰ্ষিতাৰ পিতৃক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখ্য যে যোৱা ৯ মে' তাৰিখে উদমাৰী গাঁৱৰ কিশোৰী তথা লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উঠে এগৰাকী পাষাণ্ড যুৱকৰ বিৰুদ্ধে।

লক্ষীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱৰ ছাদ্দাম হুছেইন নামৰ লম্পট যুৱকজনে কিশোৰী গৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰিছিল বুলি অভিযোগ তুলিছে ধৰ্ষিতা কিশোৰী গৰাকীয়ে। ইয়াৰ পিছতে ধৰ্ষিতাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত লম্পট ছাদ্দামক আৰক্ষীয়ে বহু পলমকৈ হ’লেও জেল হাজোতলৈ নিক্ষেপ কৰে।

এই ঘটনাত পোতক তুলিবলৈ লম্পট ছাদ্দামৰ পৰিয়ালৰ লোকে ধৰ্ষিতা ছাত্ৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে ধন দাবী কৰা বুলি ভুৱা গোচৰ তৰে। সেইমতে সোমবাৰে নিশা দুৰ্ভগীয়া ধৰ্ষিতাৰ পিতৃ আৰু খুৰাকক গ্ৰেপ্তাৰ কৰে লক্ষীগঞ্জ আৰক্ষীয়ে। এই ঘটনাৰ প্ৰতিবাদত আজি বিনাচৰ্তে ধৰ্ষিতাৰ পিতৃক মুকলি কৰি দিয়াৰ দাবীত আৰক্ষী চকী ঘেৰাও কৰে উদমাৰী গাঁৱৰ একাংশ পুৰুষ মহিলাই।

ইয়াৰ পিছতে উত্তেজিত লোক সকলে আৰক্ষী চকীৰ সন্মুখত গড়কাপ্তানি পথছোৱা অৱৰোধ কৰি তোলে। পিছত ঘটনাস্থলীত চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া, আৰক্ষী, চিআৰপিএফৰ জোৱান উপস্থিত হৈ ৬ জনকৈ প্ৰতিবাদকাৰীক আটক কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক ৰাইজে সন্দেহৰ চকুৰে চাইছে। এতিয়া প্ৰশ্ন হয় কোন সঁচা কোন মিছা। এক উচ্চ পৰ্য্যায়ৰ তদন্ততহে প্ৰকৃত ৰহস্য উলাই পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।