হাউলীত বাল্য বিবাহ তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আমছুৰ সজাগতামূলক সমদল

 06/19/2019 - 15:20

হাউলীঃ সম্প্ৰতি সমগ্ৰ অসমত বিশেষকৈ সংখ্যালঘু অধ্যূষিত অঞ্চলসমূহত অবাধে সংঘটিত হোৱা অপৰাধজনিত ঘটনাসমূহ বিশেষকৈ ধৰ্ষণ, বাল্য বিবাহ, বহু বিবাহ, মদ, জুৱা আদি সকলো প্ৰকাৰৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তথা শিক্ষাৰ ক্ষেত্ৰত সামাজিক সজাগতা বৃদ্ধিৰ বাবে আজি দিনৰ ১১ বজাত আমছুৰ হাউলী আঞ্চলিক সমিতিৰ উদ্যোগত এক সজাগতামূলক সমদল জিলা আমছুৰ মূখ্য কাৰ্যালয়ৰ পৰা ঠাকুবাড়ী ৰোড, হাউলী মধ্য বজাৰ, হাউলী নগৰত উলিওৱা হয়।

সমদলকাৰীসকলে বাল্য বিবাহ বন্ধ কৰক, বহু বিবাহ বন্ধ কৰক, মদ, জুৱা ধৰ্ষণ আদি বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, শিশুসকলক বিদ্যালয়ত দিয়ক, আমছু জিন্দাবাদ আদি শ্লোগান দিয়াৰ লগতে হাতে হাতে প্লে কাৰ্ড, ফেষ্টুন আদি লৈ ৰাইজৰ মাজত সজাগতাৰ আহ্বান জনায়।

উক্ত সজাগতা সমদলক আমছুৰ কেন্দ্ৰীয় উপ সভাপতিত্ৰয় নাজিৰ হুছেইন, মহিবুৰ ৰহমান, জিলা আমছুৰ উপ সভাপতি আব্দুল জুব্বাৰ আলী, সম্পাদক মনিৰুজ জামান, জিলা সম্পাদক আফজালুৰ ৰহমান, আঞ্চলিক আমছুৰ সভাপতি নুৰুদ্দিন, সম্পাদক দ্বয় ৰবিউল উদ্দিন, ইমৰাণ হুছেইনসহ প্ৰায় তিনি শতাধিক বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইপিনে খন্দকাৰপাৰা আঞ্চলিক আমছুৰ উদ্যোগতো অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জিলা আমছুৰ সম্পাদক ছাইদুৰ ৰহমানে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।