খাকী ৰঙৰ ছৰ্ট পিন্ধি বিপাঙত পৰিল প্ৰিয়ংকা চোপ্ৰা

 06/19/2019 - 15:26

ডিজিটেল ডেস্কঃ খাকী ৰঙৰ ছৰ্ট পিন্ধি বিপাঙত পৰিল বলীউডৰ মহাৰাণী প্ৰিয়ংকা চোপ্ৰা। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে ট্ৰ’ল খাইছে সাংঘাতিক ধৰণে। আজি নিউয়ৰ্কত প্ৰিয়ংকা চোপ্ৰাক খাকী ৰঙৰ ছৰ্ট, ব্লেক টপ আৰু ব্লেক কোট পৰিধান কৰা দেখা পোৱা যায়।লগত আছিল স্বামী নিক জোনাছ।

এই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে কোনোৱে। যেতিয়াই প্ৰিয়ংকাই খাকী ৰঙৰ ছৰ্ট পিন্ধা ফটো সকলোৰে সন্মুখলৈ আহিল, অভিনেত্ৰীগৰাকীয়ে ছচিয়লে মিডিয়াত ট্ৰল খাবলৈ আৰম্ভ কৰিলে। কাৰণ RSSৰ সদস্যসকলে পিন্ধে খাকী ৰঙৰ হাফপেণ্ট। সেয়া হৈছে RSSৰ ইউনিফৰ্ম। সেই ৰঙৰে ছৰ্ট পিন্ধিছে যেতিয়া প্ৰিয়ংকাও RSSৰ সদস্য হ’ল বুলি ইউজাৰ্চে দিছে ট্ৰ’ল।

ভাইৰেল হোৱা কেপশ্বন কেইটা হ’ল-১) প্ৰিয়ংকা RSSৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’বলৈ উপস্থিত হৈছে। ২) তেওঁ RSSৰ বৈঠক বা শাখাত অংশলৈ উভতিছে। ৩)প্ৰধানমন্ত্ৰী মোদীৰ ৰাজত্বত RSSৰ বিস্তাৰ হৈছে। এতিয়া প্ৰিয়ংকাও হ’ব প্ৰধানমন্ত্ৰী। ৪) প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত প্ৰিয়ংকাই RSSৰ সদস্য হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৫) প্ৰিয়ংকা চোপ্ৰা এতিয়া RSSৰ ইণ্টাৰনেচনেল ব্ৰেণ্ড এম্বেছাডৰ।

প্ৰিয়ংকাই আৰু কিমান যে ট্ৰ’ল খাব দিনটোৰ ভিতৰত সেয়া সহজেই অনুমান কৰিছে তেওঁৰ অনুৰাগীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।