06/19/2019 - 16:17
in
গুৱাহাটীঃ মেৰামতিৰ বাবে ৩ মাহৰ বাবে বন্ধ আছিল পুৰণি শৰাইঘাট দলং। কাইলৈ মুকলি হ’ব পুৰণি শৰাইঘাট দলঙখন। নিৰ্ধাৰিত সময়মতেই কাইলৈ মুকলি কৰি দিয়া হ’ব দলঙখন।
২০ জুনত পুৰণি শৰাইঘাট দলং মুকলি কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দলংখনৰ ১১টা কানেক্টিং এক্সপানশ্যন জইণ্টছৰ মেৰামতি কৰা হৈছে। তদুপৰি ৫৪খন ডেক শ্বেৱৰৰ মেৰামতিৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে।
নিৰ্মাণৰ পিছত প্ৰথমবাৰলৈ বৃহত্ মেৰামতি কৰা হয় দলঙখনৰ। উল্লেখযোগ্য যে দলঙখনত সৃষ্টি হৈছিল বৃহৎ বৃহৎ ফাঁট। যাৰ ফলত যাতায়াতৰ অনুপযোগী হৈ পৰিছিল দলঙখন। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছিল।
তাৰ পিছতে পুৰণি দলঙখন মেৰামতিৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।