ভেৰগাঁৱৰ ডিমাকুছি বজাৰ-বৰঙাজুলী সংযোগী পথৰ ওপৰত বৈছে পানী: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

 06/19/2019 - 16:37

ভেৰগাঁও: ভেৰগাঁৱৰ ডিমাকুছি বজাৰ-বৰঙাজুলী গধূলি সংযোগী পথৰ ওপৰত নিৰ্মাণ কৰা কালভাৰ্টৰ তলৰ মাটি কাটি নিদিয়াৰ ফলত পথৰ ওপৰত বৈছে পানী৷ ঠিকাদাৰৰ হেমাহিৰ বাবে বালিশিঠালৈ যোৱা গ্ৰাম্য পথচোৱাত এতিয়া পথ নে পুখুৰী ধৰিবই নোৱাৰি৷ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷ পথটোৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ীৰ লগতে স্থানীয় জনসাধাৰণৰ যাতায়তৰ পথ হোৱাৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হোৱা দেখা গৈছে। পানীৰ বাবে খহি পৰিছে ডিমাকুছি হায়াৰছেকেণ্ডাৰীৰ বাউণ্ডাৰী ৱাল৷

ডিমাকুছি-বৰঙাজুলী পথচোৱাও যোগাযোগ বিছিন্ন হোৱাৰ পথত৷ খহি গৈছে কালভাৰ্টৰ ওচৰৰ মাটি৷ তৎসত্ত্বেও কোনো জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।