06/19/2019 - 16:51
in
গুৱাহাটী: অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগৰ উদ্যোগত মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। যুৱ প্ৰজন্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত আয়োজন কৰিছে বিশেষ সজাগতা সভা। বুধবাৰে মহানগৰীৰ আগশাৰী শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগে অনুষ্ঠিত কৰে ড্ৰাগছ বিৰোধী এক সজাগতা সভা।
ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা প্ৰতিজন বন্ধুক উদ্ধাৰৰ বাবে সহায় কৰিবলৈ ছাত্ৰ- ছাত্ৰীসকলক আহ্বান জনায় অসম আৰক্ষীৰ সঞ্চালক প্রধান কুলধৰ শইকীয়াই।