কোকৰাঝাৰ: সমগ্ৰ ৰাজ্যৰ লগতে আজি বিটিএডিৰ সদৰ কোকৰাঝাৰতো সদৌ অসম সংখ্যলঘু ছাত্ৰ সন্থা চমুকৈ আমছুয়ে সজাগতামূলক সমদল উলিয়ায়৷ মূলত সমাজৰ পৰা অন্যায় ব্যভিচাৰ আৰু অপৰাধমূলক কাৰ্য প্ৰতিৰোধ কৰা, সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা, বাল্যবিবাহ আৰু বহু বিবাহৰ পৰা সমাজক মুক্ত কৰা, প্ৰতি ঘৰতে শিক্ষাৰ পোহৰ সুনিশ্চিত কৰা আৰু নাৰী সৱলীকৰণৰ দাবীত আমছুয়ে আজি সজাগতামূলক সমদল উলিয়াই বিভিন্ন শ্ল'গানেৰে ভোটগাঁৱৰ আকাশ বতাহ কঁপাই তোলে৷
আমছুৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক ছফিকুল ইছলামৰ নেতৃত্বত উলিওৱা আজিৰ সমদলটোৱে ভোটগাঁৱৰ পৰা মোকৰাপাৰালৈ বিভিন্ন শ্ল'গান দিয়ে৷ সমদলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে৷ সমদলত আমছুৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক ছফিকুল ইছলামে অংশগ্ৰহণ কৰি কয় যে সমাজত বাল্যবিবাহৰ নামত কিছুসংখ্যক লোকে ইন্ধন যোগাই আহিছে৷ বাল্যবিবাহৰ নামত এগ্ৰিমেন কৰি ল'ৰা, ছোৱালীক জীৱন ধ্বংস কৰি অন্ধকাৰলৈ ঠেলি দিছে৷
সেয়ে বাল্যবিবাহ আৰু বহুবিবাহৰ জৰিয়তে অধিক সন্তান জন্ম দি সমাজখনক ধ্বংসৰ মুখলৈ যাতে ঠেলি নিদিয়ে তাৰ প্ৰতিও আমছুৰ নেতাগৰাকীয়ে সচেতন ব্যক্তি, বুদ্ধিজীৱীসকলক সজাগ থাকি ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়৷ আজিৰ সজাগতামূলক সমদলত আমছুৰ কোকৰাঝাৰ জিলাৰ উপসভাপতি মুছতাফিজুৰ ৰহমানকে ধৰি আমছুৰ বৰুৱাপাৰা আৰু দক্ষিণ কোকৰাঝাৰ আঞ্চলিকৰ সভাপতি, সাধাৰণ সম্পাদক উপস্থিত আছিল৷