নিশা দেৰগাঁও থানাত উত্তপ্ত পৰিস্থিতিঃ মহিলাৰ ৰহস্যজনক মৃত্যু

 06/19/2019 - 17:20

দেৰগাঁও: দেৰগাঁৱৰ একাদশ আৰক্ষীত কৰ্মৰত কুশৰাম শইকীয়া নামৰ হাবিলদাৰ এজনে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত শিৱসাগৰ গেলেকীৰ বৰহোলা জংঘল গাঁৱৰ পৰা কৃষ্ণ চেত্ৰীৰ কন্যা ৰাণু চেত্ৰী (২২)ৰ লগত বিভিন্ন প্ৰলোভন দি পলুৱাই আনি দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল। ইফালে পূৰ্বতে বিবাহিত কুশৰামে পত্নী-সন্তানসহ ৰাণুৰ লগত একাদশ আৰক্ষী নিৱেশত একেলগে থাকিবলৈ লয়। অভিযোগ অনুসৰি যোৱা কিছুদিনৰ পৰা কুশৰামে ৰাণু চেত্ৰীক শাৰিৰীক আৰু মানসিকভাৱে অত্যাচাৰ কৰিবলৈ লয়।

এই সম্পৰ্কে ৰাণু চেত্ৰীয়ে ঘৰৰ পৰিয়ালক ফোন কৰি জানিবলৈ দিয়াৰ পিছৰ পৰা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। কিন্তু হঠাৎ যোৱা শনিবাৰে ৰাণু চেত্ৰীৰ ৰহস্যজনক মৃত্যু হয় আৰু ৰাণুৰ পৰিয়ালৰ অজ্ঞাতে কুশৰাম শইকীয়াই ৰাণুৰ মৃতদেহ সৎকাৰ কৰে। ইয়াকে লৈ সন্দেহ ওপজে ৰাণু পৰিয়ালৰ। ঘটনাৰ পিছদিনা দেওবাৰে ৰাণুৰ পৰিয়ালে উচিত তদন্ত বিচাৰি দেৰগাঁও থানাত এখন এজাহাৰ দাখিল কৰে। আশ্বৰ্যজনকভাৱে মঙ্গলবাৰৰ নিশালৈকে দেৰগাঁৱৰ আৰক্ষীয়ে মৃত্যুৰ কাৰণ সন্দৰ্ভত কুশৰামৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হয়।

ইয়াকে লৈ ৰাণুৰ পৰিয়ালে নাজিৰা মহিলা ঐক্য মঞ্চসহ আহি দেৰগাঁও থানাৰ ভিতৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্যযোগ্য যে গোটেই দিনটো ৰাণুৰ মাতৃসহ পৰিয়ালৰ লোকৰ লগতে নাজিৰা মহিলা ঐক্য মঞ্চৰ একাংশ মহিলাই একাদশ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় আৰু দেৰগাঁও আৰক্ষী থানালৈ তাঁতবাটি কৰি অৱশেষত অতিষ্ঠ হৈ নিশা ১১ বজাত কুশৰাম শইকীয়াক তাৎক্ষণিক গ্ৰেপ্তাৰ কৰাৰ দাবীত থানাৰ ভিতৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

আনহাতে ৰাণু চেত্ৰীৰ পৰিয়ালৰ লগতে নাজিৰা মহিলা সমিতিৰ সদস্যসকলে দোষীক কৰায়ত্ত নকৰালৈকে থানাৰ চৌহদ ত্যাগ নকৰাৰ হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।