অভিনেতা সুৰেন মহন্তৰ অসুস্থতাৰ খবৰ ল'বলৈ আহৰি নাই শিল্পী সমাজৰ

 03/15/2019 - 15:21

তেজপুৰঃ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ তথা সুপৰিচিত অভিনেতা সুৰেন মহন্ত ভূগি আছে অসুস্থতাত। ভ্ৰাম্যমাণ মঞ্চৰ ওপৰিও অসমীয়া ছবি আৰু ভিচিডি ছবিতো সুৰেন মহন্তই  শক্তিশালী অভিনয়েৰে ৰাইজৰ মৰম-শ্ৰদ্ধা বুটলি আহিছে।  বৰ্তমান অভিনেতাগৰাকীৰ শৰীৰ ক্ৰমাৎ অসুস্থ হৈ পৰাত তেওঁ  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিন্তু কাৰোৰে সময় নাই এইগৰাকী শিল্পীৰ এটা খবৰ ল’বলৈ।

২০১৮-১৯ বৰ্ষত ভাগ্যদেৱী থিয়েটাৰৰ সৈতে সুৰেন মহন্ত চুক্তিবদ্ধ হৈ আছে। ভাগ্যদেৱীৰ চানক্য নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সুৰেন মহন্তৰ অসুস্থতাৰ খবৰ ল’বলৈ সময় নাই খোদ ভাগ্যদেৱী থিয়েটাৰৰ কৰ্তৃপক্ষৰ।

ভ্ৰাম্যমান জগতৰ সম্ৰাট সুৰেন মহন্তই শিৱসাগৰ চেপনত নাটকত অভিনয় কৰি থকাৰ সময়তে ১১ মাৰ্চৰ দিনা গুৰুতৰভাৱে কঁকাল আৰু পিঠিৰ বিষত ভূগে। বিচনাত চটফটাই থকা সুৰেন মহন্তক পৰিয়ালৰ লোকে নিশাই শিৱসাগৰৰপৰা তেজপুৰলৈ আনি চিকিৎসা কৰাই আছে।

কিন্তু এই সম্পৰ্কত ভাগ্যদেৱী থিয়েটাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ খবৰ নকৰাত ক্ষোভিত হৈ পৰিছে অভিনেতাগৰাকীৰ পৰিয়ালৰ লোক। অভিনয়কে জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰা ৩০ বছৰতকৈও অধিক কাল ভ্ৰাম্যমাণ জগতত দপদপাই ভ্ৰাম্যমাণৰ মঞ্চক অনন্য মাত্ৰা প্ৰদান কৰা সুৰেন মহন্তই এতিয়া তেওঁৰ দুখৰ দিনত কোনো লোকৰে এষাৰি মাত নাপাই কৰিছে দুখ প্ৰকাশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।