নলবাৰীঃ ৰাজ্যত পুনৰ নাবালিকা ধৰ্ষণৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান নলবাৰীৰ মুকালমুৱা। মুকালমুৱাৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এই গৰাকী নাবালিকা। পিতৃ দিন হাজিৰা কৰা শ্ৰমিক। বয়স ১২ বছৰ। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এই গৰাকী দৰিদ্ৰ নাবালিকাক একে গাঁৱৰে মইজুদ্দিন আলি নামৰ এইজন ৫০ বছৰীয়া লম্পত চৰিত্ৰৰ লোকে কেইমাহমান পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰিছিল কুকৰ্ম।
ঘটনাৰ বিষয়ে সদৰী কৰিলে মৃত্যৰ ভাবুকিও দিছিল লম্পটটোৱে। কেইদিনমান পূৰ্বে নাবালিকা গৰাকীৰ লিভাৰ বেয়া হোৱা বুলি আৰু পেটৰ বিষ আৰু অস্বাভাৱিক পৰিৱৰ্তন হোৱাত মুকালমুৱা চিকিৎসালয়ত ভৰ্তি হোৱাত পোহৰলৈ আহে নাবালিকা গৰাকী পাঁচ মাহৰ অন্তঃসত্বা। তেতিয়া পিতৃ-মাতৃক সকলো বিৱৰি কয় নাবালিকাগৰাকীয়ে।
দৰিদ্ৰ তথা অশিক্ষিত পৰিয়ালটিয়ে গাঁৱৰ মুৰব্বীসকলক ঘটনাৰ বিষয়ে জনায় যদিও কোনোৱে নিদিয়ে সঁহাৰি। পৰিয়ালটিয়ে অৱশেষত মুকালমুৱা আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ পৰাও সঁহাৰি নোপোৱাৰ অভিযোগ উঠিছে। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে পৰিয়ালটোৱে। কিন্তু প্ৰশ্ন হয়, নাবালিকা গৰাকীয়ে ন্যায় পাবনে? ধুৰন্ধৰ পুত্ৰ,জী, নাতি-পুতি থকা, কাঠমিস্ত্রী মইজুদ্দিনে উচিত শাস্তি পাবনে?