লংকা: ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখাত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত এই দুৰ্নীতি গাপ দিয়াৰ বাবে কৌশলেৰে বেংকটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বেংক কৰ্তৃপক্ষই৷ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠানটো স্থানান্তৰ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে৷ প্ৰায় পয়ত্ৰিশ বছৰ আগত মোৰাঝাৰত স্থাপন হৈছিল এই বেংকটো৷ প্ৰায় এক লাখ গ্ৰাহকৰ একাউণ্ট আছে এই বেংকটোত৷ বিগত দুবছৰ পৰা বেংকটোত সংঘটিত হৈছিল কোটি কোটি টকাৰ কেলেংকাৰী৷
একাংশ দালাল আৰু বেংক বিষয়াই শ শ ভূৱা একাউণ্ট খুলি ভিন্ন আঁচনি আৰু ঋণৰ নামত সংঘটিত কৰে এই কেলেংকাৰী৷ একাংশ গ্ৰাহকৰ অজ্ঞাতে তেওঁলোকৰ একাউণ্টৰ পৰা হৰলুকি কৰে লাখ লাখ টকা৷ ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেইবাজন দালালক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ বেংক কৰ্তৃপক্ষইও নিলম্বন কৰে কেইবাজনো কৰ্মচাৰীক৷ তাৰ পাছতেই স্থানীয় ৰাইজ আৰু ভুক্তভোগী গ্ৰাহকসকলে উক্ত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ৷ কিন্তু বেংকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত জাঙুৰ খাই উঠে বেংক কৰ্তৃপক্ষ৷
বেংক কৰ্তৃপক্ষই এই দুৰ্নীতি গাপ দিয়াৰ বাবে কৌশল কৰি কিছু আজৱ যুক্তি দেখুৱাই বেংকটো মোৰাঝাৰৰ পৰা নীলবাগানলৈ স্থানান্তৰ কৰাৰ যো-জা আৰম্ভ কৰে আৰু বেংকটো স্থানান্তৰ কৰাৰ খবৰ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠে মোৰাঝাৰবাসী ৰাইজ৷ আজি মোৰাঝাৰ বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে NSUI, AAMSU, AUDSF, AAKSU, NEMSU কে ধৰি অন্যান্য দল সংগঠন৷
প্ৰতিবাদকাৰীসকলে বেংক স্থানান্তকৰণৰ সিদ্ধান্ত পৰিহাৰ কৰি বৃহৎ কেলেংকাৰীটোৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায়৷ অন্যথা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী দল সংগঠনসমূহে৷