শ্ৰীৰামপুৰ: ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট। একোখনকৈ গাড়ীৰ পৰা পাঁচ হাজাৰকৈ গুণ্ডাকৰ সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই। কোনে চলাইছে এই ছিণ্ডিকেট আৰু উক্ত ধন ক'লৈ যায় কোনেও ক'ব নোৱাৰে যদিও প্ৰতিখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা গাড়ীয়ে ছিণ্ডিকেট চক্ৰক আদায় দি আহিছে ধন। যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে, তেনে সময়ত অসমৰ উপৰি বংগত পুনৰ ব্ৰইলাৰ ছিণ্ডিকেট অব্যাহত আছে। মুৰ্গীৰ ছিণ্ডিকেট অব্যাহত আছে যদিও অসম আৰু বংগ আৰক্ষী নিমাত।
আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু দূৰদৰ্শিতাৰ অভাৱত সঘনাই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ। অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰ জিলাত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট। বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ মুৰ্গীৰ গাড়ীৰ পৰা ধন লোৱা হয় আলিপুৰদুৱাৰত। বংগৰ আলিপুৰদুৱাৰ জিলাৰ পৰা নিয়ন্ত্ৰণ হয় ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট। অসম আৰু বংগৰ আৰক্ষীৰ নামত প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা পাঁচ হাজাৰকৈ টকা আদায় লয় তিনিজন যুৱকে।
মাহিলি হিচাপত প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা ধন লোৱাৰ পাছতো গা লৰা নাই প্ৰশাসনৰ। বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ ৰঙিয়া, বৰপেটা, নলবাৰী, গোৱালপাৰা, বঙাইগাঁও আদি কৰি বিভিন্ন জিলালৈ যোৱা সকলো মুৰ্গী কঢ়িওৱা গাড়ীয়ে দিব লাগে এই ধন। নহ'লে মুৰ্গী কঢ়িওৱা গাড়ীসমূহ ৰখাই চালকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে বংগৰ আলিপুৰদুৱাৰৰ তাপস দত্ত, ৰতন ঘোষ আৰু অসমৰ শিমূলটাপুৰৰ বাসিন্দা সমীৰণ দাস ওৰফে নাড়ু দাসে।
প্ৰতিদিনে অসমত শতাধিক মুৰ্গীৰ গাড়ী প্ৰৱেশ কৰে। ব্ৰইলাৰ ছিণ্ডিকেট অব্যাহত থকাত বজাৰত ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট অব্যাহত আছে যদিও আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা এতিয়াও গ্ৰহণ কৰা নাই।