06/19/2019 - 18:05
in
বিলাসীপাৰা: আজি ৰাজ্যৰ বিভিন্ন স্থানত আমছুয়ে বিশেষ সজাগতামূলক সমদল উলিয়ায়। সমাজৰ পৰা অন্যায়, অপৰাধমূলক কাৰ্য প্ৰতিৰোধ, কুসংস্কাৰ-অন্ধবিশ্বাস দূৰ কৰা, বাল্য বিবাহ বন্ধ কৰা, প্ৰতি ঘৰত শিক্ষাৰ পোহৰ সু নিশ্চিত আৰু নাৰী সৱলীকৰণ আদি দাবীলৈ বুধবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী, গোৱালপাৰা, বিলাসীপাৰা, চাপৰ আদি স্থানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিশেষ সজাগতামূলক সমদল কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখ্য যে আমছুৰ এই সমদলত বৃহৎ সংখ্যক শিক্ষাৰ্থীয়েও অংশ গ্ৰহণ কৰে।