06/19/2019 - 18:19
in
আমগুৰি: আমগুৰিত অন্ধবিশ্বাসৰ বলি তিনিটাকৈ পৰিয়াল। ডাইনী সন্দেহত নিশা সংঘাত। আমগুৰিৰ বৰবাম ধলোৱা পথাৰত সংঘটিত হৈছে এই ঘটনা। ধলোৱা পথাৰৰ পুষ্পা কোঁৱৰ, ধৰ্মী কোঁৱৰ, গীতা ঘাটোৱাৰ, জোনমণি ঘাটোৱাৰক ডাইনী সন্দেহ কৰে দুজনকৈ যুৱকে। অভিযুক্ত যুৱক দুজনৰ নাম লাচিত গোৱালা আৰু ৰাহুল গোৱালা বুলি জানিব পৰা গৈছে। খবৰ মতে এই দুই যুৱকে পুষ্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰৰ পৰিয়াল দুটাক দীৰ্ঘদিন ধৰি ডাইনী সন্দেহ কৰি হাৰাশাস্তি কৰি আহিছিল।
যোৱা নিশা পৰিয়াল দুটাৰ মাজত সংঘাত লাগি অভিযুক্ত যুৱক লাচিত গোৱালা আৰু ৰাহুল গোৱালাই পুষ্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰৰ গৃহ জ্বলাই দিবলৈ উদ্যত হৈছিল। ঘটনাৰ বিষয়ে আটাছু আমগুৰি আঞ্চলিকে খবৰ পাই হালোৱাটিং আৰক্ষীক অৱগত কৰে। হালোৱাটিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়াল দুটাক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।