আচলপাৰা কাণ্ডৰ অন্যতম মূল অভিযুক্তক পুৱতি নিশা গ্ৰেপ্তাৰ

 06/19/2019 - 19:18

ছয়গাঁও: সমগ্ৰ অসমকে লজ্জিত কৰা আচলপাৰা কাণ্ডৰ লগত জৰিত লোক এজনক পুনৰ ছয়গাঁও আৰক্ষীয়ে আজি পুৱতি নিশা গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ জোৰশিমলু পহৰা চকীৰ অন্তৰ্গত আচলপাৰাত ঈদৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত ছয়গাঁও আৰু বকোৰ পৰা দুটা নৃত্য দলে একত্ৰিত হৈ আচলপাৰালৈ নৃত্য কৰিবলৈ গৈছিল। পিছে নৃত্য কৰিবলৈ যোৱা যুৱতী শিল্পীক আয়োজক কমিটিৰ লগতে একাংশ লোকে উলংগ হ'বলৈ দিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ চলিছিল।

পিছে ঘটনাৰ পিছ দিনাৰ পৰা কামৰূপ আৰক্ষীৰ লগতে ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ৰূপম হাজৰিকাই তদন্ত আৰম্ভ কৰি ঘটনাৰ লগত জৰিত বহুকেইগৰাকী লোকক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আজি নিশা ছয়গাঁও আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া আনজাদ ব্ৰহ্মই অভিযান চলাই আচলপাৰাৰ পৰা স্বৰ্গীয় আব্দুৰ ৰহমানৰ পুত্ৰ চমেজ আলী (৩৮) ওৰফে চমেজুদ্দিনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোক দেখি চমেজুদ্দিনে পলাবলৈ চেষ্টা কৰে যদিও অৱশেষত খেদি খেদি আৰক্ষী বিষয়া ব্ৰহ্মই আটক কৰে চমেজুদ্দিনক।

উল্লেখযোগ্য যে শিল্পী দলটোৱে দিয়া এজাহাৰত মূল অভিযুক্ত হিচাপে চমেজুদ্দিনৰ নাম ৪ নম্বৰত আছে। যুৱতী শিল্পীক উলংগ হ'বলৈ দিয়াসকলৰ ভিতৰত চমেজুদ্দিন আছিল অন্যতম। ছয়গাঁও আৰক্ষীয়ে পুৱতি নিশা যুৱকজনক সোধা-পোচা কৰাৰ অন্তত কালি কাৰাগাৰলৈ প্ৰেৰণ কৰিব। সম্প্ৰতি ৫২৯/১৯ নম্বৰত ৰুজু হোৱা গোচৰটোত আৰক্ষীয়ে এই মুহূৰ্তলৈকে ১০ জন লোকক আটক কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।