বৰপেটা: গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত মঙলবাৰে সামৰণি পৰা সৰ্বভাৰতীয় চিকোকাই কাৰাটে প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি বৰপেটা জিলাৰ ১৬ গৰাকী খেলুৱৈয়ে পদক লাভ কৰে। বৰপেটাৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনত ৬ টা সোণ, ৩ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৬ টা পদক দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰতিযোগিতাখনত বৰপেটাৰ হানি আলী, শিকদাৰ ছালমা পাৰবিন, চাৰহান ৰচুল, ক্ৰিছ তালুকদাৰ, দীপজ্যোতি বড়ো, ৰাজেশ বড়োৱে সোণৰ পদক লাভ কৰে। একেদৰে নিচাদ আলী, ৱাচিমা আখতাৰ, ৰাজেশ বড়োৱে ৰূপৰ পদক লাভ কৰাৰ লগতে প্ৰজ্ঞান কাশ্যপ, ৱাচিমা আখতাৰ, শিকদাৰ ছালমা পাৰবিন, শিকদাৰ চাকিল বাচেৰ, ইৰফান হাবিব, প্ৰজ্ঞান প্ৰকাশ দীপ দাস আৰু ক্ৰিছ তালুকদাৰে ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।
প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ হানি আলীয়ে পুনৰ নিজৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। বৰপেটা জিলাৰ কাৰাটে খেলুৱৈসকলৰ এনে সাফল্যত দলটোৰ প্ৰশিক্ষক হাচমত আলীৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।